🔹 ডিব্ৰুগড় পৌৰসভাৰ আজব কাণ্ড
🔹 পৌৰসভা আৰু লোকনিৰ্মাণ বিভাগৰ অভিযন্তাৰ কাৰ্যক লৈ সৰৱ চৰ্চা
বিশেষ বাৰ্তা, ২৫ ছেপ্টেম্বৰ : ডিব্ৰুগড়ত এতিয়া এটা হাই মাষ্ট লেম্প পোষ্ট স্থাপনক লৈ চলিচে সৰৱ চৰ্চা। পদপথৰ একেবাৰেই সোঁমাজতে স্থাপন কৰা হ’ল উক্ত উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক খুঁটাসহিতে লাইট। স্বাভাৱিকতেই চহৰখনৰ বিভিন্ন অঞ্চলত বৰ্তমানলৈ ভালেকেইটা এনে হাই মাষ্ট লেম্প স্থাপন কৰি নিশাৰ ভাগত পোহৰাই ৰখাত জনসাধাৰণে বহু সকাহ পাইছে।কিন্তু এই লাইটসমূহ স্থাপনৰ স্থান নিৰ্ণয় কৰাত বিভাগীয় কৰ্তৃপক্ষ বিশেষকৈ ডিব্ৰুগড় পৌৰসভা আৰু লোকনিৰ্মাণ বিভাগৰ অদূৰদৰ্শিতাৰ বাবেই এতিয়া সাধাৰণ জনতাৰ জীৱন বিপদাপন্ন।যিকোনো মূহুৰ্ততে ভয়াৱহ ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে। যদিহে বিদ্যুতৰ খুঁটাটোত কেনেবাকৈ বিদ্যুৎ সঞ্চালন হ’বলগীয়া হয়, তেনেহ’লে পদপথেৰে যোৱা পথচাৰীৰ কি অৱস্থা হ’ব, সেয়া সহজেই অনুমেয়। ডিব্ৰুগড় চহৰৰ মানকটা পথৰ আৰক্ষী ছাউনীৰ প্ৰৱেশ পথৰ কাষতেই তথা সীমাবেৰাৰ কাষত থকা ফুটপাথৰ সোঁমাজতে এই বিদ্যুতৰ খুঁটা স্থাপন কৰাক লৈ এতিয়া সকলোতে ব্যাপক চৰ্চা লাভ কৰিছে। উল্লেখ্য যে ডিব্ৰুগড় অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ পৰা চহৰ সুৰক্ষা নলালৈ প্ৰায় ১৮০ মিটাৰ দৈৰ্ঘৰ এক সুৰংগযুক্ত ড্ৰেইনৰ লগতে পেভাৰ ব্লকেৰে নিৰ্মিত এক গাড়ীৰ পাৰ্কিংৰ আস্থান নিৰ্মাণ কৰা হ’ল। উক্ত প্ৰকল্পৰ প্ৰাককলন প্ৰস্তুত কৰাৰ সময়তে ক’ত নলা হ’ব বা ক’ৰ পৰা ক’লৈ ফুটপাথ হ’ব বা ইয়াৰ সমগ্ৰ আৰ্হি বা নমুনা তৈয়াৰ কৰাৰ পাছতে সংশ্লিষ্ট বিভাগীয় অনুমোদন লাভ কৰে আৰু কামৰ নিবিদা আহবান কৰা হয়। যদিহে উক্ত প্ৰকল্প অনুযায়ী আৰক্ষী ছাউনীৰ সীমাবেৰাৰ কাষে কাষে ফুটপাথৰ ব্যৱস্থা আছিলেই, তেন্তে সেই স্থানত কিহৰ ভিত্তিত হাই মাষ্ট লেম্প পোষ্ট স্থাপন কৰা হ’ল? ডিব্ৰুগড়ৰ সচেতন নাগৰিকৰ এই প্ৰশ্ন।আৰক্ষী ছাউনীৰ সীমাবেৰাৰ ভিতৰত এই লেম্প পোষ্ট স্থাপন কৰা হ’লে নিশ্চিতভাৱে এনে সমস্যাৰ সৃষ্টি নোহোৱাৰ লগতে পোহৰৰো কোনো তাৰতম্য নঘটিলহেঁতেন বুলিও দৃঢ় বিশ্বাস।ফুটপাথৰ সোঁমাজতে বৈদ্যুতিক খুঁটা স্থাপন কৰাত এতিয়া পদপথটি ধেনুভিৰীয়া কৰি গাৰ্ড ৰেলিংৰ ব্যৱস্থা কৰা হ’ব বুলিও জানিব পৰা গৈছে। উল্লেখ কৰা ভাল হ’ব যে পদপথ নিৰ্মাণ কৰাৰ পূৰ্বেই উক্ত স্থানতে হাই মাষ্ট লেম্প পোষ্ট স্থাপন কৰা হৈছিল। এয়া সংশ্লিষ্ট বিভাগৰ চূড়ান্ত গাফিলতি আৰু চৰম উদাসীনতাৰ পৰিচয় বহন কৰিছে। জানিব পৰা অনুসৰি, এনে হাই মাষ্ট লেম্প পোষ্ট স্থাপন আৰু স্থান নিৰ্ণয়ৰ দায়িত্ব ডিব্ৰুগড় পৌৰসভা আৰু লোকনিৰ্মাণ বিভাগৰ। এনেস্থলত উক্ত স্থান নিৰ্বাচন কৰাৰ সময়ত কোনো এটা বিভাগৰে মানকটা পথত নিৰ্মাণ হ’বলগীয়া পদপথসহ সুৰংগযুক্ত ড্ৰেইন তথা কাৰ পাৰ্কিঙৰ প্ৰকল্পটোৰ বিষয়ে জ্ঞাত নোহোৱা বিষয়টোৱে চৰম দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিছে। আনহাতে, উক্ত স্থানতে আটকধুনীয়া তথা বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা কাৰ পাৰ্কিং স্থানত শেহতীয়াকৈ ডিব্ৰুগড় পৌৰসভাই ‘খাও গলি’ অৰ্থাৎ ফাষ্ট ফুডৰ বিপণীৰ ব্যৱসায় কৰিবলৈ দিয়াত ফুটপাথৰ কাষতে প্ৰায় মূল্যৱান ৪০টাকৈ গছপুলিৰ প্ৰতিও ভাবুকি আহি পৰিছে। ব্যৱসায়ীসকলে জধে-মধে নতুনকৈ ৰোপণ কৰা গছপুলিৰ ওপৰতে আৱৰ্জনা বা লেতেৰা পানী পেলোৱাত এতিয়া সেই গছপুলিসমূহেও পূৰ্ণতা পাবনে, সেয়াও এক লাখটকীয়া প্ৰশ্ন।
প্ৰেৰক বিভাস দুৱৰা