নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্ৰাই ডে’ ঘোষণাৰ পাছতো সোণাৰিত গুৰু জয়ন্তীৰ দিনা উভৈনদী সুৰা

বিশেষ বাৰ্তা,  ২৫ ছেপ্টেম্বৰ : অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্ম জয়ন্তী উপলক্ষে সমগ্র ৰাজ্যতে সকলো জিলা প্ৰশাসনে কালিৰ দিনটো ড্রাই ডে’ হিচাপে ঘোষণা কৰিছিল যদিও চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰত এচাম সমাজবিৰোধী তথা অসাধু ব্যৱসায়ীয়ে প্ৰশাসনৰ এনে নিষেধাজ্ঞাক অংগুষ্ঠ প্রদর্শন কৰি অবৈধভাৱে সুৰা বিক্ৰী কৰিবলৈ সাহস কৰা ঘটনাই সৰ্বসাধাৰণ ৰাইজৰ মাজত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । উল্লেখ্য যে কালি গুৰুজনাৰ জন্ম জয়ন্তী উপলক্ষে ড্রাই ডে’ হোৱা সত্ত্বেও নগৰখনৰ বিভিন্ন অঞ্চলত টকাৰ বলিয়া একাংশ সুৰা ব্যৱসায়ীয়ে ব্যাপক হাৰত সুৰা বিক্ৰী কৰে বুলি ৰাইজে অভিযোগ তুলিছে । তাৎপর্যপূর্ণ যে শেহতীয়াকৈ জিলাখনত এটা চক্ৰই ব্যাপক হাৰত অবৈধ সুৰাৰ লগতে অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহা চলাই আহিছে। অভিযোগ উঠা মতে, চক্ৰটোৱে অৰুণাচলৰ পৰা সুৰাসমূহ আনি জিলাখনৰ সীমান্তৱৰ্তী অঞ্চলত মজুত কৰি ৰাখে আৰু সেই স্থানৰ পৰাই একাধিক বিলাসী বাহনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ সৰবৰাহ কৰে। কিন্তু আৰক্ষী আৰু আবকাৰী বিভাগে আজি পর্যন্ত এই খুঁটি পুতি বহা এই অৰুণাচলী সুৰা ব্যৱসায়ী চক্ৰটোক উৎখাত কৰিবলৈ সক্ষম হোৱা নাই।
প্ৰেৰক দীপাংকৰ পাল
You might also like