নিয়মীয়া বাৰ্তা, ২৫ ছেপ্টেম্বৰ : পশ্চিম কামৰূপৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত চেনীমাৰা আকাশী বিলৰ ঘাটত কালি সন্ধিয়া এক অভিযান চলাই বুজন পৰিমাণৰ গমাৰী আৰু কঢ়ৈ গছৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগৰ এটা দলে |নগৰবেৰা কাৰ্যালয়ৰ ৰেঞ্জাৰ শিৱাশিস চাণ্ডিল্যৰ নেতৃত্বত যোৱা দলটিয়ে কাঠৰ কুণ্ডাখিনি বনাঞ্চলিক কাৰ্যালয়লৈ নিয়াৰ দিহা কৰে | জানিব পৰা মতে, এটা ব্যৱসায়ী চক্ৰই বিক্ৰীৰ বাবে পানী যুৱলিত লুকুৱাই ৰাখিছিল কাঠৰ কুণ্ডাখিনি | বন বিভাগৰ এই সফলতাক সকলোৱে শলাগিছে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস