🔹 মুখ্যমন্ত্রী ড০ শর্মাই ফ্লেগ অফেৰে কৰিলে উদ্বোধন
🔹 অত্যাধুনিক জাহাজসমূহে অসমৰ জলপথ পুনৰুজ্জীৱিত কৰি অর্থনৈতিক বিকাশ–নিয়োগ সৃষ্টি কৰিব : ড০ শর্মা
ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ ছেপ্টেম্বৰ : অসমৰ আভ্যন্তৰীণ জল পৰিবহণ খণ্ডত ব্যাপক পট পৰিৱর্তনেৰে আজি একেলগে সংযোজিত হ’ল দহখনকৈ সুবিশাল কাটামাৰান জাহাজ৷ লগতে সংযোজন কৰা হৈছে তিনিখনকৈ টাগ বোট আৰু এখন অনুসন্ধান আৰু উদ্ধাৰকাৰী নাও৷ আজি গুৱাহাটীৰ লাচিত ঘাটত আয়োজিত এক আড়ম্বৰপূর্ণ অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ফ্লেগ অফ কৰি উক্ত জাহাজ আৰু নাওকেইখনৰ শুভ উদ্বোধন কৰে৷ উল্লেখ্য যে একেলগে ১০০গৰাকী যাত্রী আৰু ৫০খন মটৰ বাইক কঢ়িয়াব পৰা ক্ষমতাৰে শক্তিশালী আৰু মুঠ ৩৮.৪৩ কোটি টকা ব্যয়সাপেক্ষে ১০খন অত্যাধুনিক কাটামাৰান জাহাজ প্রৱর্তনেৰে অসমৰ জলপথত যাত্রী আৰু সামগ্রীৰ ব্যৱস্থাক নতুন ৰূপ দিবলৈ ওলাইছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে৷ এই জাহাজকেইখনৰ দৈর্ঘ্য হৈছে ৩১.২০ মিটাৰ আৰু প্রস্থ ১০.২০ মিটাৰ৷ এই আধুনিক সামুদ্রিক জাহাজকেইখনত আছে ×১৮০ হর্ছ পাৱাৰৰ অত্যাধুনিক প্রযুক্তিৰ ইঞ্জিন৷ লগতে আছে ১০ নটৰ সর্বোচ্চ গতিৰে অতুলনীয় স্থিৰতা প্রদান কৰাৰ সামৰ্থ্য ৷ নদীৰ আটাইতকৈ প্রতিকূল পৰিস্থিতিতো যাত্রী আৰু সামগ্রীৰ সুৰক্ষা নিশ্চিত কৰাৰ সামৰ্থ্য আছে জাহাজকেইখনৰ৷ সেইদৰে ১৩.৭০ মিটাৰ দৈর্ঘ্য আৰু ৩.১৫ মিটাৰ প্রস্থৰ টাগ বোট তিনিখন ৫.৩৮ কোটি টকা ব্যয়সাপেক্ষে ক্রয় কৰা হৈছে৷ এই টাগ বোটবোৰে আন জাহাজসমূহক গুৰুত্বপূর্ণ সময়ত সহায় প্রদান কৰাৰ লগতে প্রতিকূল বতৰৰ পৰিস্থিতিত মসৃণ নেভিকেচন নিশ্চিত কৰিব৷ ×৪০০ হর্ছ পাৱাৰ শক্তিসম্বলিত এই টাগ বোটবোৰে টয়িং ক্ষমতাৰে শক্তিশালী৷ ইয়াৰ ফলত জাহাজবোৰৰ মসৃণ বার্থিং আৰু আনবাথিং আৰু ফলপ্রসূভাৱে কার্যকাৰিতা বৃদ্ধি কৰাত সহায়ক হ’ব৷ একেদৰে আজি উদ্বোধন কৰা অনুসন্ধান আৰু উদ্ধাৰকাৰী (ছার্চ এণ্ড ৰেছকিউ) নাওখনে উন্নত নেভিকেচন আৰু যোগাযোগ সঁজুলি, গতি আৰু পৰিচালনাৰ ক্ষমতাৰ সৈতে সমৃদ্ধ৷ জীৱন ৰক্ষাৰ বাবে সুৰক্ষা নিশ্চয়তা প্রদান কৰা, দুর্যোগৰ প্রতি সঁহাৰি জনোৱা আৰু পৰিৱেশ সুৰক্ষাৰ বাবে এই নাও ডিজাইন কৰা হৈছে৷ ব্রহ্মপুত্র নদীৰ উচ্চ বিদ্যুৎ প্রবাহৰ পৰিৱেশতো নাওখন চলাব পাৰিব৷ অত্যাধুনিক এই নাওখনত উচ্চ ৰিজলিউচনৰ ২৪ এনএম ৰাডাৰ, একেলগে ১০খন বাহন অনুসৰণ কৰা, জিপিএছ/ইকো ছাউণ্ডাৰ, চুম্বকীয় কম্পাছ, ভিএইচএফ ৰেডিঅ’, ৱাকি টকিজ আদি উপাদান সন্নিৱিষ্ট আছে৷ অসমৰ জলপথত নতুনকৈ সংযোজন কৰা ১০খন কাটামাৰান জাহাজ মেছার্ছ ছফট শ্বিপয়ার্ড প্রাইভেট লিমিটেডৰ পৰা ক্রয় কৰা হৈছে৷ জাহাজকেইখনৰ নাম ৰখা হৈছে ক্রমে এম ভি উগ্রতাৰা, এম ভি উমাচল, এমভি অশ্বক্লান্ত, এমভি জাহ্ণৱী, এমভি সপ্তেশ্বৰী, এমভি ভাগীৰথী, এমভি অলকানন্দা, এমভি সোনভ্রংগী, এমভি ত্রিবেণী আৰু এমভি শংকৰী৷ এই জাহাজকেইখনৰ ভিতৰত গুৱাহাটীত ৬খন, যোৰহাতত ২খন আৰু ধুবুৰীত ২খন চলাচল কৰিব৷ গুৱাহাটীত চলিবলগীয়া ৬খন কাটামাৰাণৰ ভিতৰত দুখন জাহাজ কৌশলগতভাৱে অসম পর্যটন ক্রুজ ছার্কিটৰ সৈতে একত্রিত কৰা হৈছে৷ পিছলৈ এয়া অসম আভ্যন্তৰীণ জলপথ কোম্পানী লিমিটেডৰ অধীনত কার্যকৰী হ’ব৷ অসম পর্যটন ক্রুজ ছার্কিটৰ গুৱাহাটীৰ ব্রহ্মপুত্র নদীৰ আশে-পাশে থকা চাৰি–পাঁচটা ধর্মীয় আৰু পর্যটনস্থলী সামৰি ল’ব৷ অত্যাধুনিক জাহাজ আৰু নাওকেইখন মুকলি কৰি মুখ্যমন্ত্রী ড০ শর্মাই ভাষণত কয় যে অসমৰ বাবে নদী সদায় জীৱন ৰেখা হৈ আহিছে৷ আভ্যন্তৰীণ জল পৰিবহণ বিভাগক সেৱাৰ সমান্তৰালকৈ ৰাজহুৱা ক্ষেত্রতো এক শক্তিশালী মাধ্যম হিচাপে গঢ়ি তোলাৰ ক্ষেত্রত এই নতুন জাহাজৰ সংযোজনে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব৷ এই আধুনিক জাহাজসমূহে অসমৰ জলপথসমূহক পুনৰুজ্জীৱিত কৰায়েই নহয়, অর্থনৈতিক বিকাশ, নিয়োগ সৃষ্টি আৰু সেউজ ভৱিষ্যতৰ দুৱাৰ মুকলি কৰিব৷ অনুষ্ঠানত পৰিবহণ মন্ত্রী পৰিমল শুক্লবৈদ্যই ভাষণত কয় যে আজি মুকলি কৰা এই জাহাজসমূহৰ প্রৱর্তনে ৰাজ্যখনৰ আভ্যন্তৰীণ জল পৰিবহণক এক নতুন ৰূপত উদ্ভাসিত কৰি তুলিবলৈ সাজু হৈছে, যিয়ে কার্যক্ষমতা, সুৰক্ষা আৰু পৰিৱেশ বহন ক্ষমতাৰ ক্ষেত্রত অসংখ্য সুবিধা প্রদান কৰিব৷ সেইদৰে পর্যটন মন্ত্রী জয়ন্ত মল্ল বৰুৱাই ভাষণত কয় যে ৰাজ্যৰ জল পৰিবহণ খণ্ডত ১০খন কাটামাৰাণ জাহাজৰ সংযোজনে অসমৰ পর্যটন খণ্ডক ব্যাপকভাৱে উত্তৰণ প্রদান কৰিব আৰু নদী পর্যটনে এক নতুন ৰূপত আত্মপ্রকাশ কৰিব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ শক্তিশালী নেতৃত্ব আৰু দূৰদর্শিতাৰ ফলতেই অসমত বহুদিন পিছত জল পৰিবহণ বিভাগ পুনৰ এবাৰ শক্তিশালী ৰূপত উদ্ভাসিত হৈ উঠিছে৷ পর্যটন আৰু পৰিবহণ দুয়োটা ক্ষেত্রতেই এই নতুনকৈ সংযোজিত জাহাজ আৰু নাওকেইখনে সমৃদ্ধ কৰি ৰাখিব৷ আজিৰ এই অনুষ্ঠানত গুৱাহাটীৰ সাংসদ কুইন ওজা, পৰিবহণ বিভাগৰ সচিব আদিল খান, অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ ৰাজ্যিক প্রকল্প সঞ্চালক তথা পৰিবহণ বিভাগৰ অতিৰিক্ত সচিব গৌৰৱ উপাধ্যায়, আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সঞ্চালক হানিফ নুৰানি আদি উপস্থিত থাকে৷
গুৱাহাটীৰ আইএছবিটিত পথ সুৰক্ষাৰ বাবে নিৰীক্ষণ আৰু প্রামাণীকৰণ কেন্দ্রৰ আধাৰশিলা স্থাপন
পথ সুৰক্ষা আৰু পাৰিপার্শ্বিক দায়বদ্ধতাৰ দিশত ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে গুৱাহাটীৰ বেতকুছিস্থিত আইএছবিটি চৌহদত নিৰীক্ষণ আৰু প্রামাণীকৰণ কেন্দ্র স্থাপনৰ সিদ্ধান্ত লৈছে৷ সেই সিদ্ধান্ত অনুসৰি আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উক্ত কেন্দ্রটোৰ আধাৰশিলা স্থাপন কৰে৷ উল্লেখ্য যে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ অধীনত আৰু ভাৰত চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়ে যোগান ধৰা পুঁজিৰ সহায়ত ৰাজ্যত পোন প্রথমবাৰৰ বাবে এনে এক অত্যাধুনিক আৰু অভিলাষী প্রকল্প নির্মাণৰ পদক্ষেপ গ্রহণ কৰিছে৷ এই কেন্দ্রৰ প্রাথমিক লক্ষ্য হৈছে বাহনৰ সামগ্রিক স্থিতি বৃদ্ধি কৰা, যাতে পথ সুৰক্ষা উন্নত হয় আৰু বাহনৰ যান্ত্রিক বিজুতিৰ ফলত হোৱা যান–জঁট আৰু পথ দুর্ঘটনাৰ সংখ্যা হ্রাস পায়৷ এই কেন্দ্রটোত স্বয়ংক্রিয় পৰীক্ষাৰ জৰিয়তে যান–বাহনৰ বাবে জাৰি কৰা শেহতীয়া নিয়মাৱলী পালন কৰাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব৷ বায়ু প্রদূষণৰ ক্ষেত্রত কঠোৰভাৱে নিৰীক্ষণ আৰু নিয়ন্ত্রণ কৰিব৷ তদুপৰি এই কেন্দ্রটো এক বিস্তৃত ডাটা বেছ সৃষ্টি কৰিব, যি ডাটাবেছে যান–বাহনৰ চালিকা চক্রৰ সময়সীমা আৰু বাহন স্কেপিং, সুবিধা সংস্থাপনৰ দৰে গুৰুত্বপূর্ণ আঁচনিৰ পৰিকল্পনা আৰু ৰূপায়ণৰ দিশত এক মূল্যৱান সম্পদ হিচাপে পৰিগণিত হ’ব৷