নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰ : আছাম প্ৰেছ ক’ৰেছপণ্ডেণ্ট ইউনিয়ন চমুকৈ আপকুৰ ওদালগুৰি জিলা সমিতি আৰু সাংবাদিক কল্যাণ ন্যাসৰ উদ্যোগত আজি ওৰাঙৰ শেৱালি ধাবাৰ সভাকক্ষত এক মনোজ্ঞ মুকলি অন্তৰংগ আলাপ আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় । সাংবাদিক কল্যাণ ন্যাসৰ সভাপতি বাপন শৰ্মাই সঞ্চালনা কৰা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে আপকুৰ উপদেষ্টা আব্দুল খালেকে । সভা উদ্বোধন কৰি খালেকে সংবাদ ক্ষেত্ৰখনৰ বিভিন্ন দিশ ফহিয়াই কয় যে মফচলৰ সংবাদ কৰ্মীসকলে বহু শ্ৰম-কষ্ট, প্ৰত্যাহ্বান গ্ৰহণ কৰি সংবাদ সেৱা আগবঢ়াই আহিও প্ৰাপ্যৰ পৰা বঞ্চিত হৈ অহাটো এক পৰিতাপৰ বিষয় । অনুষ্ঠানত ভাগ লৈ অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক তথা বিশিষ্ট সাংবাদিক গৌতমানন্দ গোস্বামীয়ে মফচলীয় সংবাদকৰ্মীসকল সংবাদ পত্ৰৰ মেৰুদণ্ড বুলি মন্তব্য কৰে । সংবাদকৰ্মী নাৰায়ণ ডেকা আৰু মুনিন্দ্ৰ কলিতাই সংবাদ ক্ষেত্ৰখনৰ শহতীয়া গতিধাৰা সম্পৰ্কে বক্তব্য প্ৰদান কৰি সংবাদকৰ্মীসকলক নিজৰ ধৰ্ম বৰ্তাই ৰাখিবলৈ আহ্বান জনায় । অনুষ্ঠানত জিলাখনৰ ২১গৰাকী কৃতী শিক্ষক, চাৰি কৃতী বিদ্যাৰ্থীৰ লগতে সংবাদকৰ্মী ধীৰেন মহলীয়া, প্ৰফুল্ল কুমাৰ বড়ো, যতীন নাথ, বিপুল হাজৰিকাক সমাজ সেৱামূলক সাংবাদিকতা প্ৰদান কৰে আপকুৰ ওদালগুৰি জিলা সমিতিয়ে । ওদালগুৰি জিলা আপকুৰ সম্পাদক ফটিক নন্দন ৰাভাই আঁত ধৰা এই অনুষ্ঠানত বিশিষ্ট সাংবাদিক শংকৰ গোহাঁই, বি টি চিৰ পৰিষদীয় সদস্য দীপক মৌৰ, বিজেপি নেতা জিতু কিষাণ, মাজবাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীশ কুমাৰ শৰ্মা, অসম সাহিত্য সভাৰ আপকুৰ উপ-সভাপতি সুজিত কটকী, সাংগঠনিক সম্পাদক নৱ কুমাৰ ডেকা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
প্ৰেৰক ধীৰেন মহলীয়া