নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰ : পূব গোৱালপাৰাৰ মাটিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমীৰ কোঁৱৰক কালি সন্ধিয়া অঞ্চলবাসী ৰাইজে থানা চৌহদত আনুষ্ঠানিক বিদায় সম্বৰ্ধনা যাচে | অতি কমদিনৰ ভিতৰতে অঞ্চলবাসী ৰাইজৰ অতিকে আপোন আৰু বন্ধুসদৃশ হৈ পৰা দক্ষ আৰক্ষী বিষয়াগৰাকীলৈ ৰাইজে আৱেগবিহ্বল হৈ বিদায় সম্বৰ্ধনা যাচে | কালি সন্ধিয়া পৰত থানা চৌহদত পূব গোৱালপাৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক জ্যোতিষ দাসৰ পৌৰোহিত্যত এক বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হয় | সভাত মাটিয়া আৰক্ষী থানা এলেকাধীন বিভিন্ন গাঁৱৰ দ্বিশতাধিক লোক উপস্থিত থাকি আৰক্ষী বিষয়াগৰাকীক বিপুল সম্বৰ্ধনা জনায় | নিজৰ নিজৰ ভাষণ কালত প্ৰতিগৰাকী বক্তাই যথেষ্ট আৱেগবিহ্বল হৈ পৰা পৰিলক্ষিত হয়। আনহাতে, আৰক্ষী বিষয়াগৰাকীক ৰাইজে ফুলাম গামোচা ,শৰাই ,জাপি, ফুলৰ থোপা আদিৰে সম্বৰ্ধনা জনাবলৈ দীঘলীয়া শাৰী পাতিবলগীয়া হয় | স্মৰ্তব্য যে মাটিয়া থানাৰ অ’চি হিচাপে কৰ্মৰত আৰক্ষী উপ-পৰিদৰ্শক সমীৰ কোঁৱৰ শেহতীয়াকৈ আৰক্ষী পৰিদৰ্শক হিচাপে পদোন্নতি লাভ কৰাত আন ঠাইলৈ বদলি হোৱাৰ খবৰ লাভ কৰি বৃহত্তৰ মাটিয়া অঞ্চলটোত উলাহৰ ঢৌ নামে যদিও বদলি হৈ আন ঠাইলৈ যাবলগীয়া হোৱাত সকলোৰে মন সেমেকি যায় | এই বিদায় সম্বৰ্ধনা সভাত সকলোৱে আৰক্ষী বিষয়া সমীৰ কোঁৱৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰাৰ লগতে আগলৈ আৰক্ষীৰ শীৰ্ষ পৰ্যায়লৈ পদোন্নতি হোৱাৰো শুভাশিস দিয়ে ৰাইজে | ভাষণৰ মাজতেই এগৰাকী শুভাকাংক্ষীয়ে আৰক্ষী বিষয়াগৰাকীয়ে শিক্ষকতা বৃত্তিৰ পৰা আৰক্ষীৰ চাকৰিত যোগদান কৰা বাবেই সৰলমনা, বন্ধুসুলভ আৰু কৰ্ত্তব্যপৰায়ণ হৈ দক্ষতা আৰ্জিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি যথেষ্ট আৱেগিক হয়। আৰক্ষী বিষয়াগৰাকীৰ এই বিদায় মুহুৰ্তত ৰাইজৰ লগতে আৰক্ষী থানাৰ বাকী সহকৰ্মীসকলো যথেষ্ট আৱেগিক হৈ পৰে |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস