বিহাৰত ২৪ ঘণ্টাত পুখুৰীত স্নান কৰিবলৈ গৈ ২২জনৰ মৃত্যু
বিশেষ বাৰ্তা, ৯ অক্টোবৰ : মাত্র ২৪ ঘণ্টাৰ ভিতৰত বিহাৰত পানীত ডুবি মৃত্যু হৈছে ২২গৰাকী লোকৰ৷ ৰাজ্যখনৰ ৯খন জিলাত পানীত স্নান কৰিবলৈ নামি এই ২২গৰাকী লোকে প্রাণ হেৰুৱাবলগীয়া হৈছে৷ প্রাণ হেৰুওৱা লোকসকলৰ ভিতৰত পাঁচগৰাকী কিশোৰীও আছে৷ সমগ্র ঘটনাত শোক প্রকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে৷ মৃত্যু হোৱা লোকসকলৰ প্রতিগৰাকীৰ পৰিয়াললৈ চৰকাৰৰ তৰফৰ পৰা ৪ লাখকৈ টকা সাহায্য ঘোষণা কৰা হৈছে৷ ইফালে, ইমানসংখ্যক লোকৰ স্নান কৰিবলৈ গৈ মৃত্যু হোৱা ঘটনাক লৈ বিভিন্ন মহলত প্রশ্ণৰ উদয় হৈছে৷ কেনেদৰে ৯খন জিলাত এই শোকাৱহ ঘটনাবোৰ সংঘটিত হ’বলৈ পালে, তাক লৈ আশ্চর্য প্রকাশ কৰিছে প্রশাসনেও৷ উল্লেখনীয় যে পৰহি সন্ধিয়া ভোজপুৰ জিলাত প্রথমটো শোকাৱহ ঘটনা সংঘটিত হয়৷