🔹 ছুপাৰস্পেচিয়েলিটী ভৱনৰ চিলিং খহি নাৰ্ছ আহত
বিশেষ বাৰ্তা, ১০ অক্টোবৰ : অসম মেডিকেল কলেজত অঘটন। নৱনিৰ্মিত ছুপাৰ স্পেচিয়েলিটী ভৱনৰ চিলিং খহি আঘাতপ্ৰাপ্ত হ’ল দুগৰাকী কৰ্তব্যৰত নাৰ্ছ। সকলোতে লাগিল হুৱাদুৱা। বহু কোটি টকাৰে নিৰ্মাণ কৰা ছুপাৰ স্পেচিয়েলিটী ভৱনৰ চিলিং খহি পৰাত স্বাভাৱিকতেই সকলো হতভম্ব হৈ পৰে। অৱশেষত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই গোচৰ দিবলৈও বাধ্য হ’ল নিৰ্মাণ কৰা প্ৰতিষ্ঠানৰ বিৰুদ্ধে। অসম চিকিৎসা মহাবিদ্যালয় চৌহদত নতুনকৈ নিৰ্মিত ছুপাৰ স্পেচিয়েলিটী বিভাগৰ তিনি নম্বৰ মহলাৰ চিলিং হঠাতে খহি যোৱাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। উক্ত সময়ত কৰ্তব্যৰত দুগৰাকী নাৰ্ছৰ কোনোমতে প্ৰাণৰক্ষা পৰে যদিও আহত হ’ব লগা হয়। দেশৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠানৰ সৈতে ফেৰ মাৰিব পৰাকৈ অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত নৱনিৰ্মিত উক্ত ছুপাৰ স্পেচিয়েলিটী অত্যাধুনিক ভৱনটো নিৰ্মাণৰ বিসংগতি ফলতেই এনে ঘটনা হোৱা বুলি অনুমান কৰা হৈছে। ইতিমধ্যে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে গোচৰ দিয়া বুলি জানিব পৰা গৈছে।
প্ৰেৰক বিভাস দুৱৰা