🔹 জিএমচিএইচত নতুনত্ব, এতিয়াৰে পৰা শাৰী পাতি ল’ব নালাগে কুপন
ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ অক্টোবৰ : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইচ)– উত্তৰ–পূবৰ এক বৃহৎ চিকিৎসাৰ ক্ষেত্র ৰূপে পৰিগণিত হৈ অহাৰ পিছতো চিকিৎসালয়খনক লৈ অভিযোগ একাধিক৷ ৰাজ্যৰ জ্যেষ্ঠ তথা অভিজ্ঞ চিকিৎসকৰ দ্বাৰা পৰিচালিত জিএমচিএইচত ৰোগীয়ে সঠিকভাৱে চিকিৎসা নাপায়, পৰিচালনাৰ বেমেজালিকে ধৰি একাধিক অভিযোগেৰে জর্জৰিত হৈ আহিছে এই চিকিৎসালয়খন৷ কিন্তু শেহতীয়াকৈ জিএমচিএইচক নতুন ৰূপ দিয়া হৈছে৷ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ দৰে সজাই–পৰাই তোলা হৈছে জিএমচিএইচক৷ চিকিৎসালয়খন সর্বাংগসুন্দৰভাৱে পৰিচালনা কৰাৰ লক্ষ্যৰে অনলাইন পদ্ধতিৰে নাম পঞ্জীয়ন কৰাৰ ব্যৱস্থা কৰা হৈছে৷ সেয়াই নহয়, আধুনিক ৰূপ দিয়া চিকিৎসালয়খনত এতিয়া ৰোগীৰ হাতত তুলি দিয়া হ’ব চিকিৎসা–চিকিৎসক সম্বন্ধীয় ফাইল৷ জিএমচিএইচৰ নতুন ৰূপৰ কথা উল্লেখ কৰি চিকিৎসালয়খনৰ অধ্যক্ষ অচ্যুত বৈশ্যই উল্লেখ কৰে যে এতিয়াৰে পৰা চিকিৎসালয়খনত চিকিৎসাৰ বাবে অহা ৰোগীয়ে দীঘলীয়া শাৰীৰে লাইন পাতি থাকিব নালাগে৷ অনলাইন অর্থাৎ ফোনৰ জৰিয়তেও আগতীয়াকৈ নাম পঞ্জীয়ন কৰিব পাৰিব৷ এই অনলাইন পঞ্জীয়নৰ ফলত কোনো ৰোগীয়ে ম’বাইল ফোনতে লাভ কৰিব একো একোটা পৰীক্ষাৰ ফলাফল৷ উল্লেখ্য যে জিএমচিএইচক সম্পূর্ণৰূপে ডিজিটেলাইজেচন কৰাৰ পাছত একোগৰাকী ৰোগীক পৰীক্ষা কৰাৰ পূর্বে প্রাৰম্ভিক যিবোৰ তথ্য সংগ্রহ কৰিব লাগে, সেইবোৰ পঞ্জীয়নৰ পাছতেই সংগ্রহ কৰা হ’ব৷ চিকিৎসালয়খনৰ প্রতিটো বিভাগতে এতিয়া ডিজিটেল টোকেনৰ ব্যৱস্থা কৰা হৈছে আৰু একোগৰাকী ৰোগীৰ সকলো তথ্য কম্পিউটাৰত আপলোড কৰাৰ ব্যৱস্থা কৰা হৈছে৷ জিএমচিএইচৰ অধ্যক্ষ অচ্যুত বৈশ্যই সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা অনুসৰি, এতিয়াৰে পৰা জিএমচিএইচলৈ অহা একোগৰাকী ৰোগীৰ ৰোগ তথা চিকিৎসা সম্পর্কীয় তথ্য সযতনে ৰাখিবলৈ এক বিশেষ ফাইল দিয়া হ’ব৷ এই ফাইলটোত ৰোগীক দিয়া প্রেছক্রিপচন, পৰীক্ষাৰ ফলাফল, পঞ্জীয়ন নম্বৰ আদি থাকিব৷ এই ফাইলটো বৈধ হৈ থাকিব এমাহৰ বাবে৷ অর্থাৎ চিকিৎসা গ্রহণৰ পাছত পুনৰ এমাহৰ ভিতৰত জিএমচিএইচলৈ আহিলে ৰোগীগৰাকীৰ এই ফাইলটোৰ পৰা চিকিৎসকে সকলো তথ্য লাভ কৰিব পাৰিব৷ জিএমচিএইচৰ অধীক্ষক অভিজিৎ শর্মাই এতিয়াৰে পৰা অনলাইনৰ জৰিয়তে ৰোগীৰ নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনাই কয় যে ইয়াৰ দ্বাৰা চিকিৎসালয়খনত অযথা ভিৰ পৰিলক্ষিত নহ’ব৷ মন কৰিবলগীয়া যে একাধিক অভিযোগেৰে বিগত সময়ছোৱাত চিকিৎসালয়খনক লৈ সৃষ্টি হৈ থকা বিতর্কৰ এই নতুনত্বই অৱসান ঘটাব বুলিও চিকিৎসালয়খনৰ কর্তৃপক্ষই আজি দাবী কৰে৷