নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘিলামৰাত মানৱ সৰবৰাহৰ অভিযোগত এজনক আটক

🔹 নিজ নাবালক পুত্ৰক ৩০ হাজাৰ টকাত অৰুণাচলত বিক্ৰী কৰাৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ : পিতা-পুত্ৰৰ পবিত্ৰ সম্পৰ্কত কালিমা সানি মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বালিয়নী গাঁৱত। গাঁওখনৰ দ্বীপজ্যোতি গগৈ নামৰ এজন ব্যক্তিয়ে নিজৰ নাবালক পুত্ৰক চুবুৰীয়া ৰাজ্য অৰুণাচলত বিক্ৰীৰ অভিযোগ উত্থাপন হৈছে। প্ৰাপ্ত তথ্য মতে, ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বালিয়নী গাঁৱৰ দ্বীপজ্যোতি গগৈয়ে নিজৰেই নাবালক পুত্ৰ মহিম গগৈক প্ৰায় ৩০ হাজাৰ টকাৰ বিনিময়ত অৰুণাচলত বিক্ৰী কৰা বুলি গোপন তথ্য লাভ কৰি গাঁওৰক্ষী বাহিনীয়ে ব্যক্তিজনৰ ওপৰত দীৰ্ঘদিন ধৰি তীক্ষ্ণ নজৰ ৰাখিছিল। ইয়াৰ মাজতে ধৃত গগৈয়ে সোমবাৰে সন্ধিয়া অৰুণাচলৰ পৰা বালিয়নী গাঁৱৰ নিজ গৃহলৈ উভতি আহি পত্নীকো মঙলবাৰে পুৱা কৌশলেৰে অৰুণাচললৈ নিয়াৰ চক্ৰান্ত কৰে । আনহাতে, এই খবৰ লাভ কৰা মাত্ৰকে বালিয়নী গাঁৱৰ গাঁওৰক্ষী বাহিনীয়ে স্থানীয় ৰাইজৰ সহযোগত আজি পুৱা গগৈক আটক কৰি উত্তম-মধ্যম শোধাই ঘিলামৰা আৰক্ষীক গতাই দিয়ে । ঘিলামৰা আৰক্ষীয়ে ধৃত গগৈ দম্পতীক  নিজৰ জিম্মাত লৈ ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। জানিব পৰা মতে, এইজন অৰ্থলোভী ব্যক্তি দ্বীপজ্যোতি গগৈৰ বিৰুদ্ধে চুবুৰীয়া ৰাজ্যখনলৈ মানৱ সম্পদ সৰবৰাহ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে যদিও আৰক্ষীৰ তদন্ততহে প্ৰকৃত ৰহস্য উদঘাটন হ’ব যদিও নিজ পুত্ৰক বিক্ৰী কৰাৰ দৰে ঘটনা সংঘটিত কৰি মানৱ সমাজক লজ্জানত কৰা ঘটনাৰ ন্যায়িক তদন্তৰ জৰিয়তে দোষীক নজিৰবিহীন শাস্তিৰ দাবী তুলিছে ঘিলামৰাবাসীৰ লগতে সচেতন মহলে ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like