নিয়মীয়া বাৰ্তা, ১৯ ফেব্রুৱাৰীঃ নতুন দিল্লীৰ জামিয়া নগৰত যোৱা ১৫ ডিচেম্বৰত সংঘটিত হিংসাত্মক কার্যত জড়িত থকাৰ অভিযোগত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্র শ্বার্জিল ইমামক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰা হৈছে ৷ এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত তেওঁক যোৱা সোমবাৰে দিল্লী আৰক্ষীয়ে গ্রেপ্তাৰ কৰি এদিনৰ আৰক্ষী জিম্মালৈ প্রেৰণ কৰিছিল ৷ মঙলবাৰে তেওঁক আদালতত হাজিৰ কৰোৱা হৈছিল ৷ নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্রীয় নাগৰিকপঞ্জীবিৰোধী আন্দোলনক হিংসাত্মক ৰূপ দিয়াত অৰিহণা যোগোৱাৰ বাবে দিল্লী আৰক্ষীয়ে শ্বার্জিল ইমামৰ নাম অভিযোগনামাত সন্নিৱিষ্ট কৰিছে ৷ যোৱা মাহত ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ বিৰোধিতা কৰিবলৈ গৈ অসম আৰু উত্তৰ–পূর্বাঞ্চলক ভাৰতৰ পৰা বিচ্ছিন্ন কৰিব লাগে বুলি বিতর্কিত মন্তব্য আগবঢ়োৱাৰ বাবে জে এন ইউৰ ছাত্রগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে ৰাষ্ট্রদ্রোহৰ গোচৰ ৰুজু হৈছে ৷