নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি মুখ্যমন্ত্ৰী তদাৰক আৰু দুৰ্নীতি নিবাৰক শাখাই অভিযান অব্যাহত ৰখাৰ মাজতি আজি কোকৰাঝাৰৰ গোসাঁইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত অতৰ্কিতে অভিযান চলাই লাট মণ্ডল সহ দুজনক হাতেলোটে আটক কৰে৷ উল্লেখনীয় যে গোসাঁইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত একাংশ লাটমণ্ডলৰ বিৰুদ্ধে মাটিবাৰীৰ কামৰ বিনিময়ত বৃৎ অংকৰ উৎকোচ লোৱাৰ অভিযোগ আছে। শেহতীয়াকৈ গোসাঁইগাঁও মহকুমাৰ শিমলটাপু এলেকাৰ এগৰাকী ব্যাক্তিক মাটি সংক্ৰান্তত লাট মণ্ডল ইমামুল হক আৰু তৰণি ৱাহেদ আলি খণ্ডকাৰে পঞ্চাশ হেজাৰ টকা দাবী কৰে আৰু এই দাবীকৃত উৎকোচৰ আজি ২৫ হেজাৰ টকা আদায় দিয়াৰ পিছতে মুখ্যমন্ত্ৰী তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলে দুয়োকে হাতেলোটে আটক কৰে। অভিযানকাৰী দলটোৱে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ লাট মণ্ডল ইমামুল হক আৰু তৰণি ৱাহেদ আলি খণ্ডকাৰক কাৰ্য্যালয়ৰ কোক্ষতে প্ৰায় চাৰি ঘন্টা সময় সোধাপোছা কৰে৷ ইয়াৰ পিছত লাটমণ্ডলৰ বহুখিনি যাৱতীয় নথিপত্ৰ আৰু উৎকোচৰ ধনখিনি জব্দ কৰি দুয়োকে গ্ৰেপ্তাৰ কৰে আৰু গুৱাহাটীলৈ লৈ যায় ৷ গোসাঁইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত আজি মুখ্যমন্ত্ৰী তদাৰক আৰু দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই দুৰ্নীতিগ্ৰস্থ লাটমণ্ডল আৰু তৰনিক উৎকোচৰ ধন সহ আটক কৰাত সচেতন নাগৰিকৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ৰাজ্য চৰকাৰে দুৰ্নীতিগ্ৰস্থ চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাত সকলও সন্তষ্টি প্ৰকাশ কৰাৰ লগতে নিৰপেক্ষভাৱে ৰাইজক সহায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে ৷
প্ৰেৰক ৰুবুল পাঠক