নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেটৰ প্ৰত্যাৱৰ্তন!

বিশেষ বাৰ্তা, ১১ অক্টোবৰঃ ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেটৰ অন্তৰ্ভুক্তিৰ বাবে সকলো সাজু হৈছে। ১৫-১৬ অক্টোবৰত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া ১৪১সংখ্যক আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ অধিবেশনত মাত্ৰ আনুষ্ঠানিক অনুমোদনহে বাকী। জনা মতে লছ এঞ্জেলছৰ আয়োজক সমিতিয়ে আই অ’ চিক দিয়া প্ৰস্তাৱত টি-২০ সংস্কৰণত ক্ৰিকেটৰ পৰামৰ্শ দিয়াৰ লগতে ২০২৮ চনৰ গেমছৰ বাবে আন চাৰিটা খেলৰ পৰামৰ্শ দিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদেও একেই কথা নিশ্চিত কৰিছে। ‘লছ এঞ্জেলছ-২৮-এ অলিম্পিকত অন্তৰ্ভুক্তিৰ বাবে ক্ৰিকেটৰ পৰামৰ্শ দিয়াত আমি আনন্দিত হৈছো। এইটো চূড়ান্ত সিদ্ধান্ত নহ’লেও এশ বছৰতকৈও অধিক সময়ৰ পাছত প্ৰথমবাৰৰ বাবে অলিম্পিকত ক্ৰিকেট দেখাৰ দিশত ই এক অতি উল্লেখযোগ্য ল্যাণ্ডমাৰ্ক।’-আইচিচিৰ অধ্যক্ষ গ্ৰেগ বাৰ্কলেই এক বিবৃতিত এইদৰে কয়। ক্ৰিকেটৰ প্ৰতি লছ এঞ্জেলছৰ আয়োজক সমিতিৰ সঁহাৰি গুৰুত্বপূৰ্ণ আছিল। এতিয়া মুম্বাইত অনুষ্ঠিত হ’বলগীয়া আই অ’ চিৰ অধিবেশনত “আই অ’ চিৰ কাৰ্যবাহী ব’ৰ্ডে পৰ্যালোচনা কৰি অনুমোদনৰ বাবে আগবঢ়াব”। অলিম্পিকলৈ ক্ৰিকেট ঘূৰি অহাৰ ওপৰত কেইবামাহো ধৰি চলি অহা অনিশ্চয়তাৰ অন্ত পেলায় — ক্ৰিকেট অলিম্পিকত মাত্ৰ এবাৰ খেলা হৈছিল, ১৯০০ চনত পেৰিছত, য’ত দুটা দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল

You might also like