🔹 সর্বভাৰতীয় প্রতিযোগিতাত খুমটাইৰ মৌখোৱাৰ ছাত্রৰ শ্রেষ্ঠত্ব
নিয়মীয়া বার্তা, ১৪ অক্টোবৰ : সর্বভাৰতীয় পর্যায়ৰ প্রতিযোগিতাত গোলাঘাট জিলাৰ খুমটাইৰ এগৰাকী ছাত্রই বৃহৎ সফলতা লাভ কৰি সমগ্র ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ দেশৰ আগশাৰীৰ কোম্পানী ছেমছাঙৰ দ্বাৰা দিল্লীত আয়োজিত Solve for Tomorrow Season-2 শীর্ষক শৈক্ষিক আৰু উদ্ভাৱনীমূলক প্রতিযোগিতাত দেশৰ ভিতৰতে শ্রেষ্ঠত্বৰ স্থান লাভ কৰি উজলি উঠিল খুমটাহৰ মৌখোৱা গাঁৱৰ মুহিবুৰ ৰহমান আৰু মমতাজ বেগমৰ পুত্র মুক্কাবীৰ ৰহমান নামৰ ১৭ বছৰীয়া এজন ছাত্র৷ দেশৰ বিভিন্ন আগশাৰীৰ শিক্ষানুষ্ঠানৰ পৰা প্রতিযোগিতাখনিত অংশগ্রহণ কৰা প্রায় ৭১,০০০টা দলক ওফৰাই শীর্ষস্থান লাভ কৰিবলৈ সক্ষম হ’ল যোৰহাটৰ প্রজ্ঞা একাডেমীত উচ্চতৰ মাধ্যমিক দ্বিতীয় বার্ষিকৰ ছাত্র মুক্কাবীৰৰ দলে৷ আনহাতে, এই প্রতিযোগিতাত শ্রেষ্ঠত্ব অর্জন কৰি মুক্কাবীৰে লাভ কৰিলে নগদ ৫১ লাখ টকাৰ লগতে ছেমছাঙৰ লেপটপ, ম’বাইল আৰু বহু উপহাৰ৷ আনহাতে, এই সফলতাৰ বাবে মুক্কাবীৰক দিল্লী আই আই টিয়ে তেওঁক এবছৰৰ বাবে Incubation Programmeৰ বাবে নির্বাচিত কৰিছে৷ উল্লেখ্য যে বর্তমান সমগ্র পৃথিৱীতে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত অহর্নিশে ৰ’দত কাম কৰিব লগা হোৱা লোকসকলৰ যথেষ্ট সমস্যাৰ সৃষ্টি হয়৷ এইসকল লোকৰ সহায়ক হোৱাকৈ এটি যন্ত্র উদ্ভাৱন কৰিলে মুক্কাবীৰৰ তিনিজনীয়া দলটোৱে৷ যি যন্ত্র ডিঙিত লগালে তিনি মিনিটৰ বাবে শীতল হৈ পৰিব সমগ্র দেহ৷ এই যন্ত্র উদ্ভাৱনৰ বাবেই প্রতিযোগিতাখনিত শ্রেষ্ঠত্বৰ পুৰস্কাৰ পালে মুক্কাবীৰৰ লগতে দলত থকা আন দুজন সতীর্থই৷ প্রচণ্ড গৰমতো কর্মত নিয়োগ হৈ থকা সেনা–আৰক্ষী তথা কৃষকসকলৰ সুবিধাৰ বাবেই এই যন্ত্রটো উদ্ভাৱন কৰাৰ কথা জনালে মুক্কাবীৰ ৰহমানে৷ উত্তৰ–পূবৰ ভিতৰত একমাত্র স্থান অর্জনকাৰী হিচাপে মুক্কাবীৰ ৰহমানে সমগ্র উত্তৰ–পূবলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ল৷ দেশৰ ভিতৰতে উল্লেখযোগ্য প্রতিযোগিতাখনত শ্রেষ্ঠত্ব অর্জন কৰি মুক্কাবীৰৰ দলটোৱে ১.৫ কোটি টকাৰ নগদ ধন আৰু লক্ষাধিক টকাৰ উপহাৰৰ লগতে আন বহুতো সুবিধা লাভ কৰিছে৷ মুক্কাবীৰৰ সাংবাদিকৰে হোৱা বার্তালাপত তেওঁ কয় যে ভৱিষ্যতলৈও এনেধৰণে বিভিন্ন যন্ত্র উদ্ভাৱনৰ জৰিয়তে সমাজখনক আগবঢ়াই নিবলৈ তেওঁ বদ্ধপৰিকৰ৷ মুক্কাবীৰৰ বাবে তেওঁৰ পিতৃ–মাতৃ, আত্মীয়–স্বজনৰ লগতে সমগ্র মৌখোৱাবাসী গৌৰৱান্বিত৷ গ্রামাঞ্চলৰ পৰা সমগ্র দেশৰ ৭১,০০০ প্রতিযোগীৰ ভিতৰত শীর্ষ স্থান লাভ কৰি লাখ লাখ টকাৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা মুক্কাবীৰ ৰহমান হৈ পৰিছে সকলোৰে বাবে আদর্শ ছাত্র৷ অতি ভিতৰুৱা এখন গাঁৱৰ পৰা সমগ্র উত্তৰ–পূবক গৌৰৱান্বিত কৰা মুক্কাবীৰৰ বাবে বর্তমান প্রতিজন গোলাঘাটবাসীয়ে গৌৰৱবোধ কৰিছে৷
প্ৰেৰক নবীন গোহাঁই