নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰ : কোকৰাঝাৰ আৰু চিৰাং জিলাক দ্বি-বিভক্ত কৰি উত্তৰৰ পৰা দক্ষিণলৈ বৈ গৈছে চম্পৱতী নৈ । নৈখনৰ কচুতোলা-পূব কূৰ্শাকাটি ঘাটত প্ৰায় এমাহ ধৰি শ্ৰমিকে নিৰ্মাণ কৰি থকা অতি দীঘল বাঁহৰ দলংখনেৰে আজিৰে পৰা অহা-যোৱা কৰিব পৰা হৈছে । অৱশ্যে মাজভাগত আধুৰুৱা হৈ থকা কিছু অংশত বালিৰ ওপৰেৰে খোজকাঢ়ি অথবা চাইকেল-মটৰ চাইকেলেৰে অহা-যোৱা চলি আহিছে । উক্ত অংশছোৱাও আগন্তুক দুর্গাপূজাৰ পূৰ্বেই সম্পূৰ্ণ হ’ব বুলি কৰ্মৰত শ্ৰমিকে জানিবলৈ দিয়ে। উল্লেখ্য যে খৰালি কালত বাঁহৰ দলঙেৰে খোজকাঢ়ি, চাইকেল-মটৰচাইকেল লৈ অহা-যোৱা কৰা হয়। ঠেলা-ৰিক্সাও পাৰপাৰ কৰা হয় যদিও বাঁহৰ দলংখন অতি ঠেক বাবে কাষেদি চাইকেল-মটৰচাইকেল দূৰৰে কথা, মানুহ এজনো খোজকাঢ়ি পাৰাপাৰ হোৱা অসম্ভৱ হৈ পৰে। আনহাতে বাৰিষা টুলুঙা নাৱেৰে যাত্ৰীয়ে পাৰাপাৰ হবলগীয়া হয় । নাৱেৰে হওক অথবা দলঙৰে হওক, যাত্ৰীয়ে ধন ভৰিহে পাৰাপাৰ হবলগীয়া হয় । বজাৰ-সমাৰ, বিদ্যালয়-মহাবিদ্যালয়, বিভিন্ন বিভাগত চাকৰি ইত্যাদি কৰ্মক্ষেত্ৰলৈ দৈনিক শ শ চাইকেল-মটৰচাইকেল পাৰাপাৰ হবলগীয়া হয় । কিন্তু দলঙৰ পূব দিশত ওখ ঠাই বগাইহে ঠেক পথেৰে মুখ্য পথত উঠিব লগা হয় । উল্লেখ যে চম্পৱতী নৈৰ চাৰি কিলোমিটাৰ ব্যৱধানৰ চাৰিটা ঘাটত বাৰিষাত টুলুঙা নাও আৰু খৰালি দিনত বাঁহৰ দলঙেৰে জনসাধাৰণে বছৰ বছৰ ধৰি পাৰাপাৰ হৈ আহিছে। অৱশ্যে দীৰ্ঘদিনৰ পৰা কচুতোলা-পূব কূৰ্শাকাটি ঘাটত পকী দলং নিৰ্মাণ কৰা হ’ব বুলি জনপ্ৰতিনিধিয়ে আশ্বাস দি আহিছে । আশ্বাস কেতিয়া বাস্তৱত পৰিণত হ’ব, সেই দিনটোলৈ দুয়োপাৰৰ জনসাধাৰণে অধীৰ আগ্ৰহেৰে বাট চাই আছে ।
প্ৰেৰক ভৃগু মুনি ৰায়