নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰ : ঢকুৱাখনা সদৰ থানাৰ পৰা প্ৰায় ডেৰশ মিটাৰ নিলগৰ চাৰিকড়িয়া নদীৰ পাৰৰ বেচৰকাৰী বাছ আস্থানৰ সমীপতে ঢকুৱাখনা নগৰৰ মাজমজিয়াত পথৰ কাষতে থকা ঢকুৱাখনাৰ সাংবাদিকসকলৰ উমৈহতীয়া মঞ্চ প্ৰেছ গীল্ড ঢকুৱাখনা কাৰ্যালয়ত এটা মাহতে চোৰে দুবাৰকৈ চাফাই অভিযান চলোৱা ঘটনাই অসম আৰক্ষীৰ স্মাৰ্ট পুলিচৰ ফোঁপোলা স্বৰূপ উদঙাই দেখুৱালে ৷ তথ্য মতে, ঢকুৱাখনা নগৰৰ মাজমজিয়াত ঢকুৱাখনা মাতমৰা পথৰ কাষতে থকা প্ৰেছ গীল্ড ঢকুৱাখনাৰ কাৰ্যালয়ত চোৰে ১৮ ছেপ্টেম্বৰৰ নিশা অভিনৱ পদ্ধতিৰে বন্ধ দুৱাৰৰ তলা ভাঙি কম্পিউটাৰৰ মনিটৰৰ লগতে উচ্চ ক্ষমতাসম্পন্ন এটা চাৰ্জাৰ লাইট লৈ উধাও হয় ৷ এই সন্দৰ্ভত প্ৰেছ গীল্ড ঢকুৱাখনাৰ বিষয়ববীয়াই ১৯ ছেপ্টেম্বৰত ঢকুৱাখনা সদৰ থানাত গোচৰ তৰি দোষীক কৰায়ত্ত কৰাৰ দাবী জনোৱাৰ পিছতো ঢকুৱাখনাৰ আৰক্ষীয়ে আজিলৈকে (বাতৰি লিখা সময়লৈকে ) কোনো ব্যৱস্থা ল’ব নোৱাৰাত চোৰে ঢকুৱাখনা আৰক্ষীক ভেঙুচালি কৰি পুনৰ ১৩ অক্টোবৰৰ ৰাতি একে পদ্ধতিৰে দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি গেছ চিলিণ্ডাৰটো লৈ উধাও হোৱা ঘটনাই প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ তদুপৰি বিগত দিনসমূহত ঢকুৱাখনাৰ একাধিক স্থানত চোৰে সঘন চুৰি কাৰ্য সংঘটিত কৰি অহাৰ উপৰি নিশা কোনো লোকে প্ৰেছ গীল্ড ঢকুৱাখনাৰ কাৰ্যালয়ৰ ছাদত বহি মাদক দ্ৰব্য আৰু নিষিদ্ধ দ্ৰব্য সেৱন কৰাৰ বিষয়ে ঢকুৱাখনাৰ আৰক্ষীক অৱগত কৰি অহাৰ পিছতো কোনো ব্যৱস্থা নোলোৱাত চোৰে আৰক্ষীৰ নাকৰ তলতে অবাধে চুৰি কাৰ্য সংঘটিত কৰিবলৈ সক্ষম হৈছে বুলিও জানিবলৈ দি এই ক্ষেত্ৰত ঢকুৱাখনা আৰক্ষীয়ে কিবা ব্যৱস্থা ল’বনে বুলিও প্ৰশ্ন তুলি লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ প্ৰত্যক্ষ হস্তক্ষেপৰো দাবী জনাইছে প্ৰেছ গীল্ড ঢকুৱাখনাৰ সাংবাদিকসকলৰ লগতে ঢকুৱাখনাৰ সচেতন মহলে ৷ ঘটনা সন্দৰ্ভত প্ৰেছ গীল্ড ঢকুৱাখনাৰ বিষয়ববীয়াই আজি পুনৰ ঢকুৱাখনা সদৰ থানাত আন এক গোচৰ তৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি