🔹 শিৱসাগৰ গুলী কাণ্ডৰ মূল অভিযুক্ত জীৱন দাস পলাতক
নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰ : প্ৰতিপক্ষ মৎস্য ব্যৱসায়ীক পিষ্টলৰ ভাবুকিৰে ইখনৰ পিছত সিখন মীন মহল ষড়যন্ত্ৰমূলকভাৱে বন্দৱস্তিৰে কোটি কোটি টকা লুন্ঠন চলাই অহা বহু বিতৰ্কিত মৎস্য ব্যৱসায়ী জীৱন দাস আৰু পুত্ৰই নিজ গৃহৰ ছাদৰ পৰা নিশাৰ ভাগত ধাৰাসাৰ গুলীবৰ্ষণ কৰা এক চাঞ্চল্যকৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতেই সৃষ্টি হোৱা চাঞ্চল্য আৰু আতংক আজিও অব্যাহত আছে ৷ শিৱসাগৰ আৰক্ষীয়ে এই ঘটনাৰ পিছতেই নিজাববীয়াকৈ এটা গোচৰ পঞ্জীয়ন কৰি মাৰণাস্ত্ৰবিধ জব্দ কৰিছে যদিও সঘনাই বিতৰ্কত জড়িত ব্যৱসায়ী জীৱন দাসে পুত্ৰসহিতে আত্মগোপন কৰি আছে ৷ ইতিমধ্যে দিছপুৰ পৰ্য্যন্ত খলকনি তোলা এই ভয়ংকৰ ঘটনা সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে ১৬১/ ২০২৩ নম্বৰৰ এটা গোচৰ ৰুজু কৰাৰ লগতে ভাৰতীয় দণ্ডবিধি আইনৰ ২৫ এ বি আৰ্মচ এক্ট/ ৩০ৰ অধীনত জীৱন দাসৰ বাসগৃহৰ পৰা পইন্ট থ্ৰী-টুৰ ব’ৰৰ পিষ্টলটো জব্দ কৰাৰ লগতে পাঁচ জাই সক্ৰিয় গুলী জব্দ কৰি তাৎক্ষণিকভাৱে অনুজ্ঞা-পত্ৰ বাতিল কৰিছে ৷ শিৱসাগৰ আৰক্ষীয়ে জীৱন দাস আৰু পুত্ৰক আটক কৰিবৰ বাবে বিভিন্ন স্থানত অভিযান চলাইছে যদিও সফল হোৱা নাই ৷ আনহাতে, জীৱন দাস, পুত্ৰ সুমন দাস আৰু দুই বন্ধুৰ উপস্থিতিত সংঘটিত এই ভয়ংকৰ গুলী কাণ্ড সন্দৰ্ভত সংবাদ মাধ্যমৰ হাতত পৰিছে কেতবোৰ বিস্ফোৰক তথ্য ৷ জানিব পৰা মতে, বিতৰ্কিত কাম-কাজ, বিভিন্ন অপৰাধ সংক্ৰান্তীয় ঘটনাত জড়িত থকাৰ অভিযোগ থকা জীৱন দাসে শিৱসাগৰ আৰক্ষীৰ ওচৰত পিষ্টলৰ অনুজ্ঞা-পত্ৰ বিচাৰিছিল যদিও আৰক্ষী প্ৰশাসন-জিলা প্ৰশাসনে সেই আবেদন অগ্ৰাহ্য কৰিছিল ৷ কিন্তু অত্যন্ত চতুৰ তথা ধুৰন্দৰ জীৱন দাসে ভুৱা তথ্যৰে নাগালেণ্ড চৰকাৰৰ পৰা পিষ্টলৰ অনুজ্ঞা-পত্ৰ লৈ অসমত সন্ত্ৰাস চলোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বিশেষকৈ নাগালেণ্ডৰ চাৰিসীমাৰ ভিতৰত প্ৰযোজ্য অনুজ্ঞা-পত্ৰ লৈ জীৱন দাসে আন এখন ৰাজ্যত কিদৰে ব্যৱহাৰৰ সাহস পালে, তাক লৈও প্ৰশ্ন উত্থাপন হৈছে ৷ ৰাজ্য চৰকাৰক কোটি কোটি টকাৰ কৰ ফাঁকিৰে শতাধিক নিৰীহ গঞাৰ মূৰৰ ওপৰত বাকী জাঁই গোচৰ ওলোমাই শিৱসাগৰৰ চাৰিখনকৈ নদীৰ মহলৰ বন্দৱস্তি কৌশলেৰে বছৰ বছৰজুৰি হস্তগত কৰি অহা জীৱন দাসৰ জিম্মাৰ পৰা উদ্ধাৰ কৰা পিষ্টলটোৰ বিপৰীতে মাত্ৰ পাঁচ জাই গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা ঘটনায়ো গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে ৷ কিয়নো সেই নিশা গুলী কিমান ফুটাইছিল, কিমান গুলী নাগালেণ্ড চৰকাৰে আবন্টন দিছিল আৰু কিমানটা গুলী বিধিগতভাৱে জীৱন দাসৰ জিম্মাত থাকিব লাগিছিল, সেইসমূহ বিষয় তদন্তৰ আওতাত সামৰি ল’ব লাগিব ৷ অৱশ্যে জীৱন দাস আৰু পুত্ৰ আৰক্ষীৰ জালত নপৰা পৰ্য্যন্ত প্ৰকৃত ৰহস্য কেতিয়াও স্পষ্ট নহয় ৷ ইফালে, জীৱন দাসৰ গুলী কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তেই পোহৰলৈ আহিছে বৈধ অনুজ্ঞা পত্ৰ লৈ সন্ত্ৰাস চলোৱা দুটা মহা দালালৰ তথ্য ৷ জানিব পৰা মতে, ৰাজীৱ নামৰ এটা কুখ্যাত গুণ্ডাই কিছুদিনৰ পূৰ্বে আখৈফুটীয়াত অনুষ্ঠিত সংবাদ মাধ্যমৰ এক জনপ্ৰিয় আড্ডাৰ কাৰ্য্যসূচীত সমবেত একাংশ ৰাইজক উন্মুক্ত মাৰণাস্ত্ৰ টোঁৱাই হুলস্থুল কৰিলে গুলীয়াই ফুটা ফুটা কৰি দিম বুলি দিয়া হুংকাৰৰ ঘটনায়ো আলোড়নৰ সৃষ্টি কৰিছে ৷ একে সময়তে অনুজ্ঞা-পত্ৰ লৈ শিৱসাগৰ চহৰত একপ্ৰকাৰৰ সন্ত্ৰাস আৰু আতংক চলোৱাৰ অভিযোগ উত্থাপন হৈছে নগৰৰ মাজমজিয়াৰ নিবাসী বহু গোচৰত অভিযুক্ত জেলফেৰৎ এটা মহা দালালৰ বিৰুদ্ধে ৷ এটা বছৰৰ পূৰ্বে শ শ গ্ৰাহকক ৰামঠগন দি একাউন্টৰ কোটি কোটি টকা আত্মসাৎ কৰি অৱশেষত কাৰাগাৰৰ আলহী হোৱা নটৱৰলাল খ্যাত প্ৰণৱ নামৰ দালালটোৱেও অনুৰূপ ধৰণে পিষ্টল লৈ ভাবুকি দিয়াৰ অভিযোগ উঠিছে ৷ পূৰ্বতে প্ৰণৱে ৰামঠগন দিয়া ভুক্তভোগীসকলে প্ৰাপ্য ধন বিচাৰি আহিলেই দালাল প্ৰণৱে অনুজ্ঞা পত্ৰ থকা পইন্ট থ্ৰী – টু ব’ৰৰ পিষ্টল টোঁৱাই নিয়মিত ভাবুকি দি অহাৰ পিছতো এই মহা দালালটোক শিৱসাগৰ আৰক্ষীয়ে কিহৰ ভিত্তিত পিষ্টলৰ অনুজ্ঞা পত্ৰ প্ৰদান কৰিলে, সেয়াহে এই মুহূৰ্তত লাখটকীয়া প্ৰশ্ন হিচাপে বিবেচিত হৈছে ৷ বিশেষকৈ শিৱসাগৰত জীৱন, প্ৰণৱ, ৰাজীৱৰ দৰে ধুৰন্দৰ ব্যক্তিৰ হাতে হাতে মাৰণাস্ত্ৰ মজুত থকা ঘটনাই আগন্তুক দিনত অনাহূৃুত পৰিৱেশ শিৱসাগৰত সৃষ্টি হোৱাৰ ইংগিত বহন কৰিছে ৷ সচেতন মহলে শীঘ্ৰে জীৱন, ৰাজীৱ, প্ৰণৱৰ দৰে ব্যক্তিৰ জিম্মাত থকা পিষ্টল জব্দৰ লগতে অনুজ্ঞা পত্ৰ পুণৰীক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙক দাবী জনাইছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান