বিশেষ বাৰ্তা, ১৮ অক্টোবৰঃ তিনি বিহুৰ অন্যতম কাতি বিহু আজি মৰিয়নিৰ অসম নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ জংঘলব্লক হাইস্কুলত উদযাপন কৰা হয়। আজি কাতি বিহুৰ দিনাও বিয়লি ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰীক লৈ কাতি বিহু উদযপন কৰা হয়। বিদ্যালয়ৰ সহকাৰী শিক্ষক নগেন গগৈয়ে আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে কাতি বিহুৰ তাৎপৰ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ধৰ্মেশ্বৰ বৰুৱাই। বিয়লি চাৰি বজাত অনুষ্ঠিত এই কাতি বিহুৰ অনুষ্ঠানত কাতি বিহুৰ তাৎপৰ্য ব্যাখ্যা কৰি প্ৰধান শিক্ষক ধৰ্মেশ্বৰ বৰুৱাই কয়- আমি অসমীয়া জাতিটোক সমন্বয়ৰ এনাজৰীৰে বান্ধি ৰাখিব লাগিব। সকলো মানুহক বুকুত সাবতি লৈ জনতাৰ হৃদয়ত সাংস্কৃতিক সেউজ চিন্তাৰ বীঁজ সিঁচিব লাগিব। যি সময়ত বিভিন্ন জাতি জনজাতি মাজত সম্পৰ্কৰ ঘূণে ধৰিছে বুলি সৰ্বত্ৰে চৰ্চা হৈ আহিছে সেই সময়তে আমি সকলো মানুহক একত্ৰিত কৰিবৰ বাবে মুল অস্ত্ৰ হিচাপে সংস্কৃতিৰ আশ্ৰয় ল’ব লাগিব বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। শিক্ষক থানেশ্বৰ বৰায়ো বক্তব্য প্ৰদান কৰা অনুষ্ঠানটোত সহকাৰী শিক্ষক নগেন গগৈয়ে কাতি বিহু কি আৰু কিয় উদযাপন কৰা হয় সেই সম্পৰ্কে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। সন্ধিয়া চাৰি বজাত বিদ্যালয়খনৰ তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ঘৰৰ পৰা ধূপ চাকি আনি তুলসীৰ তলত বন্তি প্ৰজ্বলন কৰাৰ লগতে পৰম্পৰা ৰক্ষা কৰি তুলসীৰ নাম পৰিৱেশন কৰে। তাৰোপৰি বিদ্যালয় চৌহদতো শাৰী শাৰী বন্তি প্ৰজ্বলন কৰে। উল্লেখ্য যে, জংঘলব্লক হাইস্কুলে বিগত বৰ্ষসমুহতো কাতি বিহু উদযাপন কৰি ছাত্ৰ ছাত্ৰীসকলক দেখুৱাই আহিছে। শিক্ষানুষ্ঠানখনৰ এনে কাৰ্য্যৰ বাবে সচেতন ৰাইজে বিদ্যালয় কৰ্তৃপক্ষৰ শলাগ লৈছে।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া