তীর্থযাত্রীৰ সংখ্যা ৫০ লাখ অতিক্রমেৰে অভিলেখ সৃষ্টি
🔹 বিশ্বখ্যাত চাৰধাম যাত্রা
বিশেষ বাৰ্তা, ১৮ অক্টোবৰ : উত্তৰাখণ্ডৰ সু–উচ্চ গাৰৱাল হিমালয়ান অঞ্চলত অৱস্থিত চাৰধাম যাত্রাত প্রথমবাৰৰ বাবে তীর্থযাত্রীৰ সংখ্যা ৫০ লাখ অতিক্রম কৰি অভিলেখ সৃষ্টি কৰিছে৷ দেশৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ তীর্থযাত্রীয়ে ডেৰাডুনত উপস্থিত হৈ বিশ্বখ্যাত চাৰধাম বদ্রীনাথ, কেদাৰনাথ, গংগোত্রী আৰু যমুনোত্রী দর্শন কৰে৷ উত্তৰাখণ্ডৰ আৰক্ষীয়ে প্রকাশ কৰা মতে, ১৬ অক্টোবৰলৈ চাৰধাম যাত্রাত তীর্থযাত্রীৰ সংখ্যা ৫০ লাখ অতিক্রম কৰিছে৷ এই যাত্রাৰ সময়ত চাৰধামলৈ প্রায় ৫.৪১ লাখ বাহনো আহিছে৷ উল্লেখ্য যে এপ্রিল–মে’ মাহত এই যাত্রা আৰম্ভ হৈ এতিয়ালৈকে চলি আছে৷ তথ্য মতে, কেদাৰনাথলৈ ১৭.০৮ লাখ, বদ্রীনাথলৈ ১৫.৯০ লাখ, গংগোত্রীলৈ ৮.৪৬ লাখ আৰু যমুনোত্রীলৈ ৬.৯৪ লাখ তীর্থযাত্রী আহিছে৷