নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰ : আগন্তুক ২০২৪ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় দল বিজেপিৰ সাংগঠনিক তৎপৰতা বৃদ্ধি পাইছে। বড়োলেণ্ড পৰিষদীয় এলেকাতো (বি টি আৰ) দলটোৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ বাবে তৎপৰ হৈ পৰিছে ভাজপাৰ নেতা-কৰ্মীসকল। আজি নৱগঠিত ৪৫নং ভেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত খৈৰাবাৰীত দলৰ এখন সাংগঠনিক সভাত ভাগ লৈ মন্ত্ৰী পীয়ূষ হাজৰিকাই দলটোৰ সকলো স্তৰৰ কাৰ্যকৰ্তাকে অধিক উৎসাহ-উদ্দীপনাৰে কাম কৰি যাবলৈ আহ্বান জনায়। সভাৰ অন্তত সাংবাদিকৰে হোৱা কথা-বতৰাত বি টি আৰত ভাজপাৰ সাংগঠনিক ভেটি শক্তিশালী বুলি দাবী কৰি আগন্তুক ২০২৪ৰ লোকসভা নিৰ্বাচনত দৰং-ওদালগুৰিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে বিপুল ভোটত জয়লাভ কৰিব বুলিও দাবী কৰে মন্ত্ৰী হাজৰিকাই। বি টি আৰত ইউ পি পি এল আৰু বিজেপিয়ে পাৰস্পৰিক সহযোগিতাৰ মাজেৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। খৈৰাবাৰী মণ্ডল কমিটীৰ উদ্যোগত দলৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত দলীয় সাংগঠনিক সভাত অংশগ্ৰহণ কৰি কমলপুৰৰ বিধায়ক তথা ভেৰগাঁও সমষ্টিৰ তত্ত্বাৱধায়ক দিগন্ত কলিতাই ২০২৪ত মোদীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীয়ে পুনৰ দিল্লীৰ মছনদ দখল কৰিব বুলি মন্তব্য কৰে। মঙলদৈৰ সাংসদ দিলীপ শইকীয়াক পুনৰ বিপুল ভোটত জয়ী কৰাই আনিবলৈ দলীয় কাৰ্যকৰ্তাসকলক আহ্বান জনাই বিধায়ক কলিতাই লগতে কয় যে সাংগঠনিক তৎপৰতাৰে দলটোক ৰাইজৰ কাষলৈ লৈ যোৱাত দলৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই দায়িত্ব ল’ব লাগিব । ইপিনে, খৈৰাবাৰী মণ্ডল কমিটীৰ সভাপতি নৃপেন দেৱনাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশ লৈ সাংসদ দিলীপ শইকীয়াই বি টি আৰত ভাৰতীয় জনতা পাৰ্টীৰ ভেটি মজবুত কৰাত গুৰুত্ব আৰোপ কৰে । খৈৰাবাৰী অঞ্চলৰ উন্নয়নৰ কাৰণে বিভিন্ন শিতানত ইতিমধ্যে ৮৭ লাখ টকা ব্যয় কৰা বুলি দলীয় কৰ্মীসকলক জানিবলৈ দি সাংসদগৰাকীয়ে কয় যে চৰকাৰে জনসাধাৰণৰ কল্যাণৰ হকে গ্ৰহণ কৰা আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰাৰ বাবে সকলোৱে আগবাঢ়ি আহিব লাগে । বিৰোধীৰ ছল -চাতুৰীত ভোল গৈ কোনো কৰ্মীয়ে যাতে বিভাজনমুখী স্থিতি গ্ৰহণ নকৰে, তাৰ বাবেও তেওঁ দলীয় কাৰ্যকৰ্তাসকলক সজাগ হৈ থাকিবলৈ আহ্বান জনায় । আগন্তুক লোকসভা নিৰ্বাচনত নিজৰ প্ৰাৰ্থিত্বক লৈ কোনো মন্তব্য নকৰে বুলি উল্লেখ কৰি তেওঁ কয় যে এই ক্ষেত্ৰত দলেহে সিদ্ধান্ত ল’ব । নৱগঠিত ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত ৬৭টা বুথ সমিতিৰ কাৰ্যকৰ্তাসকলৰ লগতে বিভিন্ন মৰ্চাৰ বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকল উপস্থিত থকা এই সাংগঠনিক সভাত জিলাৰ (ওদালগুৰি) সহঃ প্ৰভাৰী ৰঞ্জিৎ কুমাৰ শৰ্মা, বি টি চিৰ পৰিষদীয় সদস্য ভবেন্দ্ৰ বড়ো, কোচ ৰাজবংশী উন্নয়ন পৰিসদৰ অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱ, জিলা সম্পাদক জয়কান্ত শৰ্মা, জৌশ্ৰাং বড়ো, নয়ন মল্ল বুজৰবৰুৱাকে ধৰি ভালেসংখ্যক দলীয় নেতা-কৰ্মী উপস্থিত থাকে।
প্ৰেৰক ধীৰেন মহলীয়া