নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ম্যাদ ওকলা চকলেট বিক্ৰী ৰিলায়েঞ্চৰ

নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰঃ ধুবুৰীৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানে ম্যাদ উকলা চকলেটজাতীয় সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে। আমজাদ আলী নামৰ এজন ব্যক্তিয়ে আজি তেখেতৰ পুত্ৰই ধুবুৰীৰ এম কে ৰোড অঞ্চলস্থিত ৰিলায়েন্স স্মাৰ্ট পয়েন্ট নামৰ ব্যবসায়িক প্ৰতিষ্ঠানটোৰ পৰা ক্ৰয় কৰি চকলেট পেকেটটোৰ ম্যাদ উকলি যোৱা পোৱাৰ অভিযোগ তুলিছে। বাতৰি সংগ্ৰহৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠানটোত উপস্থিত হোৱা সাংবাদিকৰ সন্মুখত চকলেটৰ সেই পেকেটটো ৰিলায়েন্স স্মাৰ্ট পয়েন্ট পৰা ক্ৰয় কৰাৰ প্ৰমাণৰূপে প্ৰতিষ্ঠানটোৱে প্ৰদান কৰা ৰচিদো দেখুওৱাও পোৱা গৈছে ব্যক্তি গৰাকীয়ে। আমজাদ আলীৰ অনুৰূপে নিজ পুত্ৰক ল’গত লৈ আন এজন ব্যক্তিও ম্যাদ উকলি যোৱা চকলেট জাতীয় সামগ্ৰীৰ পেকেট বিক্ৰী কৰাৰ অভিযোগেৰে ব্যৱসায়িক প্ৰতিষ্ঠানটোত উপস্থিত হৈ কৈফিয়ৎ বিচৰাও প্ৰত্যক্ষিত হৈছে। আনকি ক্ষুব্ধ গ্ৰাহক একাংশই ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ বিৰূদ্ধে প্ৰশাসনে পদক্ষেপ লোৱাৰ দাবী জনোৱাও পোৱা গৈছে। ইপিনে আজিৰ এই ঘটনাই কেৱল চকলেটে জাতীয় সামগ্ৰীয়ে নহয়, গ্ৰাহকৰ অমনোযোগ আৰু অজ্ঞতাৰ সুযোগ লৈ ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে ম্যাদ উকলি যোৱা অইন খাদ্য সামগ্রীও বিক্ৰী কৰি আছে নেকি বুলি এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰ জন্ম দিছে। সমান্তৰালকৈ ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে বিক্ৰী কৰি থকা সামগ্ৰী নীৰিক্ষণ কৰাৰ বাবে ধুবুৰী খাদ্য সুৰক্ষা বিভাগে পদক্ষেপ লোৱাৰ প্ৰয়োজন থকা বুলিও উচ্চাৰিত হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like