নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছত্তিশগড়ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্বাচনী প্রচাৰ

বিশেষ বাৰ্তা, ১৮ অক্টোবৰঃ বিজেপিৰ অন্যতম ষ্টাৰ কেম্পেইনাৰ তথা অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি ছত্তিশগড়ৰ কৱর্ধাৰ এখন বিশাল নির্বাচনী সমাৱেশত অংশগ্রহণ কৰে৷ নির্বাচনী সমাৱেশখনত মুখ্যমন্ত্রী ড০ শর্মাই কংগ্রেছ দল আৰু ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ ৱাঘেলক ক্ষুৰধাৰ সমালোচনা কৰি ভাষণত কয় যে দেশত কংগ্রেছ চৰকাৰ হ’লেই সন্ত্রাসবাদীৰ শাসন চলে৷ দেশখনৰ কোণে কোণে থকা বাবৰ–ঔৰংগজেৱ, হুমায়ুন, আকবৰৰ পৰা মুক্ত কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্রী ড০ শর্মাই কয় যে নহ’লে দেশখন ধ্বংস হ’ব৷ উত্তৰ–পূবৰ অসমৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পূর্বতে বাংলাদেশৰ পৰা এজন দুজন আকবৰ অসমলৈ আহিছিল৷ সহজ–সৰল অসমৰ মানুহে তেওঁলোকক আদৰি লৈছিল৷ পৰৱর্তী পর্যায়ত অসমৰ জনগাঁথনিৰ ৩৫ শতাংশই তেওঁলোকে সলনি কৰি দিলে৷ অসমৰ ১২খন জিলাত হিন্দু সংখ্যালঘুত পৰিণত হ’ল৷ প্রতিদিনে লাভ জেহাদৰ ঘটনা সংঘটিত হ’বলৈ ধৰিলে৷ এঠাইত এজন আকবৰ আহিলে শ শ আকবৰ আহিবলৈ আৰম্ভ কৰে৷ সেয়ে আগতীয়াকৈ বাবৰ, ঔৰংগজেৱ, হুমায়ুন, আকবৰৰ পৰা সাৱধান হ’বলৈ ছত্তিশগড়বাসী আহ্বান জনায়৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই ইজৰাইল–পেলেষ্টাইনৰ্ যুদ্ধৰ প্রসংগ উল্লেখ কৰি কয় যে হামাছ নামৰ সন্ত্রাসবাদী সংগঠনটোৱে শিশুৰ ওপৰতো গুলীচালনা কৰিলে৷ কিন্তু ৰাহুল গান্ধীয়ে কংগ্রেছৰ সভা অনুষ্ঠিত কৰিলে যদিও তেওঁলোক ইজৰাইলৰ লগত আছে বুলি এবাৰো নক’লে৷ বৰং পেলেষ্টাইনৰ লগত থকাৰ উল্লেখ কৰি প্রকাৰন্তৰে হামাছৰ লগত থকাটো প্রকাশ কৰিলে৷ অথচ হামাছ হৈছে এটা সন্ত্রাসবাদী সংগঠন৷ মুখ্যমন্ত্রী ড০ শর্মাৰ স্পষ্ট কথা– দেশত কংগ্রেছৰ শাসন হ’লেই সন্ত্রাসবাদীৰ শাসন চলে৷ কাছভ, ঔৰংগজেৱ, বাবৰ আদিয়ে আমাৰ জনতাৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰে৷ ফলত দেশ দুর্বল হয়৷কিন্তু প্রধানমন্ত্রীৰ আসনত নৰেন্দ্র মোদী অধিষ্ঠিত হোৱাৰ পাছত দেশৰ পৰিৱেশ সলনি হৈছে৷ অহা জানুৱাৰী মাহত ৰাম মন্দিৰ সম্পূর্ণ হৈ যাব৷ অথচ কংগ্রেছ চৰকাৰে ৰাম মন্দিৰ নির্মাণৰ বাবে কোনো কামেই শাসনত থকা অৱস্থাত নকৰিলে৷ কংগ্রেছে কেৱল বাবৰৰহে পূজা কৰিলে৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে কংগ্রেছৰ শাসনকালত লাভ জেহাদ আৰম্ভ হয় ধর্মান্তৰকৰণৰ কামত উৎসাহ যোগায়৷ ভাৰতবর্ষ হিন্দুৰ দেশ আৰু হিন্দুৰ হৈ থাকিব বুৱি দৃঢ়তাৰে মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ধর্ম নিৰপেক্ষতা মানে ৰাম মন্দিৰ ধ্বংস কৰি মছজিদ বনোৱা নহয়৷ ধর্ম নিৰপেক্ষতা মানে ধর্মান্তৰকৰণ, লাভ জেহাদ নহয়৷ হিন্দুক লুটাতো ধর্ম নিৰপেক্ষতা নহয়৷ বহুবিবাহ প্রথা বন্ধ কৰিবলৈ অসমে অহা ডিচেম্বৰ মাহত এখন আইন ৰূপায়ণ কৰিব৷ ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ ৱাঘেলক সুৰা বিক্রেতাৰ চর্দাৰ আখ্যা দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে নির্বাচনৰ পূর্বে ৰাজ্যখনত সুৰা বন্ধৰ কথা কোৱা ৱাঘেলে ক্ষমতাত আহি সকলোতে সুৰাৰ প্রচলন কৰিলে৷ অসম আৰু ছত্তিশগড় একে ধৰণৰ ৰাজ্য বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমতো ৩.৫০ কোটি লোক আছে আৰু ছত্তিশগড়তো ৩.৫০ কোটি লোক আছে৷ যোৱা পাঁচ বছৰত ৱাঘেলে ৰাজ্যখনত ২০ হাজাৰ নিবনুৱা যুৱক–যুৱতীকো চাকৰি দিব নোৱাৰিলে৷ অথচ ৱাঘেল চৰকাৰে নিবনুৱাক ভাট্টা দিয়াৰ কথা কয়৷ কিন্তু অসম চৰকাৰে নিবনুৱাক ভাট্টা নিদিয়ে৷ ইয়াৰ পৰিৱর্তে বিজেপি শাসিত অসমে নিবনুৱাক সংস্থাপন দিয়ে৷ অসমে ইতিমধ্যে এক লাখ নিবনুৱাক চৰকাৰী চাকৰিত নিযুক্তি দিছে৷ সম্পূর্ণ মেধাৰ ভিত্তিত স্বচ্ছতাৰে এই নিযুক্তি দিছে৷ ছত্তিশগড়ত লোকসেৱা আয়োগৰ চাকৰিৰ নামতো ব্যাপক দুর্নীতি সংঘটিত কৰিলে৷ অসমৰ অৰুণোদয় আঁচনি প্রসংগ উল্লেখ কৰি ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মধ্যপ্রদেশ চৰকাৰেও ইতিমধ্যে অনুৰূপ আঁচনি আৰম্ভ কৰিছে৷ কিন্তু ছত্তিশগড়ৰ ৱাঘেল চৰকাৰে গাঁৱে গাঁৱে মদৰ দোকানহে খুলি দিছে৷ যোৱা পাঁচটা বছৰত ৱাঘেলে ৰাজ্যখনৰ উন্নয়নৰ বাবে কোনো কাম নকৰিলে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই একমাত্র গান্ধী পৰিয়ালক তেল মাৰি থকাটোৱেই ৱাঘেলৰ কাম৷ কেন্দ্রৰ পৰা ৰাজ্যখনলৈ আগবঢ়োৱা আঁচনিসমূহৰ ৱাঘেলে সঠিকভাৱে ৰূপায়ণ নকৰিলে৷ যাৰ বাবে ৰাজ্যখনত বিকাশৰ ধাৰা ব্যাহত হৈছে৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই ছত্তিশগড় ৰাজ্যখন প্রয়াত প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীয়ে সৃষ্টি কৰাৰ উল্লেখ কৰি ভাষণত কয় যে বিজেপিৰ লগত ছত্তিশগড়ৰ সম্পর্ক ‘মা–বেটা’ৰ দৰে৷

You might also like