🔹 চৰকাৰী বিদ্যালয়ৰ শিক্ষকে ৰাইজৰ বিশ্বাস ঘূৰাই আনিব পাৰিব লাগিব- শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু
🔹 ঢকুৱাখনাৰ ৰাজপথত জিলিকিল বাৰেৰহণীয়া সংস্কৃতি
নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰ : অসমৰ বিদ্যালয়সমূহ ৰাইজৰ অনুষ্ঠান । অসমত ৰাইজে বিশাল শিক্ষা ব্যৱস্থা গঢ়ি তুলিছে । এই দিশত ঢকুৱাখনাৰ শিক্ষানুৰাগী ৰাইজৰ বদান্যতা আৰু সহায়-সহযোগিতা উল্লেখনীয় ।- এই বক্তব্য শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ । ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ আজি দুপৰীয়া অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰি দিয়া ভাষণত শিক্ষামন্ত্ৰী ডাঃ পেগুৱে এইদৰে কয়। নিজৰ বক্তব্যত ডাঃ পেগুৱে কয় যে ৰাইজৰ অৱদান অবিহনে চৰকাৰী শিক্ষানুষ্ঠানৰ উন্নতি আৰু শ্ৰীবৃদ্ধি সম্ভৱ নহয়।বিদ্যাঞ্জলিৰ জৰিয়তে অসমৰ ৰাইজে চৰকাৰী শিক্ষানুষ্ঠানলৈ উল্লেখনীয় অৰিহণা আগবঢ়োৱা বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীজনে সামৰ্থ্য অনুসৰি সকলোকে অৰিহণা আগবঢ়াবলৈ আহ্বান জনাই কয় যে ৰাইজে সেৱা আগবঢ়াব আৰু চৰকাৰে দায়িত্ব পালন কৰিব। তেওঁ বিদ্যালয় পৰিচালনা সমিতিসমূহ শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । চৰকাৰী বিদ্যালয়ৰ শিক্ষকে ৰাইজৰ বিশ্বাস ঘূৰাই আনিব পাৰিব লাগিব বুলিও মন্তব্য কৰে । ইয়াৰ পূৰ্বে জাতীয় সংগীতেৰে আৰম্ভ হোৱা মুকলি সভাখন উদ্বোধন কৰে ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেই। উদ্বোধনী ভাষণত বিধায়ক দলেই কয়- বিদ্যালয়সমূহ হৈছে জীৱন গঢ়া কমাৰশাল। বিদ্যালয়ৰ শিক্ষা জীৱনত লাভ কৰা দিকনিৰ্দেশনা আৰু ইয়াৰ অভিজ্ঞতাই একো একোজন শিক্ষাৰ্থীৰ ভৱিষ্যত জীৱনত গভীৰভাৱে প্ৰভাৱ পেলায়। বিধায়কগৰাকীয়ে ঢকুৱাখনাৰ শৈক্ষিক ইতিহাসৰ ওপৰত আলোকপাত কৰাৰ লগতে বৰ্তমান আৰু ভৱিষ্যতৰ ওপৰতো ৰেখাপাত কৰি ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্নীতকৰণৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অনিৰ্ধাৰিত পুঁজিৰ পৰা ১ কোটি টকা আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীৰ এনে প্ৰচেষ্টাই ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ক আগুৱাই লৈ যোৱাত যথেষ্ট সহায় কৰিব বুলি মন্তব্য কৰে। বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী তথা উদযাপন সমিতিৰ সম্পাদক পদ্মা কোচে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰা মুকলি সভাখনত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট বিজ্ঞানী, লেখিকা ডঃ জয়ন্তী চুতীয়াই হোমেন বৰগোহাঞিয়ে অধ্যয়ন কৰা ঐতিহাসিক শিক্ষানুষ্ঠানখনত উপস্থিত হ’বলৈ পাই গৌৰৱান্বিত হোৱা বুলি মন্তব্য কৰে। সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য ৰাখে ভাৰতীয় বন সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া দিগন্ত গগৈয়ে। বক্তব্যত গগৈয়ে ঐতিহ্যমণ্ডিত শিক্ষা প্ৰতিষ্ঠানখনৰ প্ৰাক্তন ছাত্রৰ লগতে ঢকুৱাখনাৰ সন্তান হিচাপে গৌৰৱ অনুভৱ কৰা বুলি মন্তব্য কৰে।
ভাৰতীয় বন সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে মানুহে নিজৰ মাতৃ, মাতৃভাষা আৰু মাতৃভূমিক কেতিয়াও পাহৰিব নালাগে বুলি মন্তব্য কৰি তেওঁ ছাত্ৰ-ছাত্রীক অধ্যয়নৰ লগতে ক্ৰীড়া, সংস্কৃতি আদি ক্ষেত্ৰত জড়িত হবলৈ আহ্বান জনাই লগতে কয় যে গান আৰু খেল নহ’লে মানুহৰ জীৱনটো সম্পূৰ্ণ নহয়। মুকলি সভাতে বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠান উপলক্ষে বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আয়োজন কৰা সাহিত্য প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্র-ছাত্রীসকলক বিভিন্ন বঁটা প্ৰদান কৰা হয়। ইয়াৰ আগতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অনিৰ্ধাৰিত পুঁজিৰ ১ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা বিদ্যালয়ৰ আটকধুনীয়া বিদ্যালয় ভৱনটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মুকলি সভাৰ পিছত বিয়লি ৩ বজাত ন-পুৰণি শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱকৰ সহযোগত ঢকুৱাখনাৰ ৰাজপথত উলিওয়া হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। শৰীৰচৰ্চাবিদ মিষ্টাৰ ইউনিভাৰ্ছ তথা মিষ্টাৰ ৱৰ্ল্ড গোলাপ ৰাভাই উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰাত প্ৰতিটো জাতি-জনগোষ্ঠীৰ বৰ্ণিল কৃষ্টি-সংস্কৃতিৰ সমাহাৰ ঘটে। বিদ্যালয় প্ৰাংগণৰ পৰা ঢকুৱাখনা নগৰৰ মাজেদি মনোমোহা ৰূপত উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। সন্ধিয়া বন্তি প্ৰজ্বলনৰ পিছতেই প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীৰে যোৱা তিনিটা দিন উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈ থকা ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তীৰ সফল সামৰণি পৰে।
প্ৰেৰক পুলকজ্যোতি বৰা