নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লিট্টি চৌখা, ছাট্টু আৰু কুলহাদ চাহৰ জুতি ল’লে প্ৰধানমন্ত্ৰীয়ে

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ দিল্লীৰ ৰাজপথত অনুষ্ঠিত হৈ থকা হুনাৰ হাটত আকস্মিকভাৱে উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । বুধবাৰে প্ৰধানমন্ত্ৰীগৰাকীক কাষতে পায় উৎফুল্লিত হৈ পৰে হুনাৰ হাটৰ সকলো লোক । সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰণালয়ৰ উদ্যোগত অনুষ্ঠিত হৈ আছে এই হুনাৰ হাট ।

৫০ মিনিট প্ৰধানমন্ত্ৰীগৰাকীয়ে অতিবাহিত কৰে হুনাৰ হাটত । হুনাৰ হাটত উপস্থিত হৈ লিট্টি চৌখা আৰু ছাট্টুৰ জুতি ল’লে প্ৰধানমন্ত্ৰীগৰাকীয়ে । বিশেষকৈ বিহাৰ , পূব উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডত অতিকৈ জনপ্ৰিয় এই খাদ্যৰ সোৱাদ লৈ ইয়াৰ মূল্য ১২০ টকাও দিয়ে নৰেন্দ্ৰ মোডীয়ে ।

পৰৱৰ্তী সময়ত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰণালয়ৰ মন্ত্ৰী মুখটাৰ আব্বাছ নাকভিৰ সৈতে কুলহাদ চাহ পৰিৱেশন কৰি দুকাপ চাহৰ মূল্য ৪০ টকা প্ৰদান কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে । প্ৰধানমন্ত্ৰী গৰাকীৰ আগমনৰ পাচতেই হুনাৰ হাটত ভিৰ কৰেহি অসংখ্যজনে । নিজৰ মন পছন্দৰ বস্তু সমূহত প্ৰধানমন্ত্ৰীগৰাকীয়ে চকু ফুৰোৱাৰ লগতে থলুৱা লোকবাদ্যত হাত ফুৰাই সুৰ তুলিবলৈও যেন চেষ্টা কৰিলে ।

You might also like