ড০ পার্থসাৰথি মহন্ত
লাভলীনা বক্সিঙৰ বিশ্ব চেম্পিয়ন হৈ অসমলৈ প্রথমবাৰ আহোঁতে সুধিছিলোঁ– ‘কিমান ঘোচা খালা?’ ইয়াৰ আগতে অলিম্পিকত অসমৰ প্রথমটো মেডেল লৈ যেতিয়া আহিছিল তেতিয়া সেই প্রশ্ণটো মনলৈ অহা নাছিল৷ লাভলীনাই সেইবাৰ ব্রঞ্জ পাইছিল৷ এইবাৰ আকৌ লাভলীনা আহিল এছিয়ান গেমছত ৰূপৰ পদক লৈ৷ মানে ফাইনেল খেলি৷ সেইকাৰণে পুনৰ সেই প্রশ্নটো মনলৈ আহিল৷ পুনৰ সেই একেই মোৰ অফিচত সুধিলোঁ– ‘কিমান ঘোচা খালা?’
অনেকৰে এটা ধাৰণা থাকে– চেম্পিয়নে ঘোচা মাৰেহে৷ নাখায়৷ কিন্তু কথাটো অলপ বেলেগ৷ চেম্পিয়নে ঘোচা মাৰে ঠিকেই, ঘোচা খায়ো৷ প্রতিদ্বন্দ্বীৰ ঘোচা সহ্য কৰি ল’ব পাৰে কাৰণেহে ওলোটাই মাৰিব পাৰে, তাকো অধিক প্রচণ্ড৷ লাভলীনাই উত্তৰত এটা ইণ্টাৰেষ্টিং কথা কৈছিল– ‘চেম্পিয়ন হ’লে আটাইতকৈ বেছি ঘোচা খাব লাগে৷’ কাৰণ আনতকৈ বেছি খেল খেলে আৰু প্রতিবাৰেই প্রতিদ্বন্দ্বীজন আগৰজনতকৈ শক্তিশালী হয়৷ অর্থাৎ ঘোচাও শক্তিশালী৷ আনৰ লগত চেম্পিয়নৰ পার্থক্য এটাই৷ চেম্পিয়ন ঘোচা খাই পৰি নাযায়, চেম্পিয়নে ঘোচা খাই প্রতিদ্বন্দ্বীকহে ধৰাশায়ী কৰে৷ এজনৰ পিছত এজন৷
বক্সিং ৰিঙৰ ভিতৰে–বাহিৰে এই কথাই সত্য৷ মানুহে অনবৰতে আমাক নকডাউন কৰিবলৈ চেষ্টা কৰি থাকে আৰু থাকিব৷ চেম্পিয়নক কেতিয়াও নকআউট কৰিব নোৱাৰে৷ জীৱনযুদ্ধৰ চেম্পিয়নজনেও ঘোচাবোৰ সহ্য কৰিয়েই খেলবোৰ জিকি গৈ থাকে৷
খেল৷ জীৱনৰ খেল৷ মুষ্টিযুদ্ধতকৈও ভয়ংকৰ৷ এই কাৰণেই ভয়ংকৰ যে তুমি কাৰ লগত খেলিছা নাজানা৷ প্রতিজন প্রতিদ্বন্দ্বীয়েই এজন এজন মেঘনাদ৷ তুমি দেখা নোপোৱা৷ প্রতিজন প্রতিদ্বন্দ্বীয়েই অদৃশ্য৷ তুমি আক্রমণ পাই থাকা, কোনে কৰিছে গম নোপোৱা৷ কাৰণ, দেখা নোপোৱা৷ তুমি ঘোচা খায়েই থাকা, কোনে মাৰিছে নাজানা৷
এই আক্রমণবোৰ পাছফালৰ পৰা হয়৷ এই ঘোচাবোৰ পিঠিৰ পাছৰ পৰা মাৰে৷ ঘোচাটো খাইহে গম পোৱা ঘোচা খালা বুলি৷ বক্সিং ৰিঙৰ ভিতৰত প্রতিদ্বন্দ্বী যিমানেই শক্তিশালী নহওক, তুমি দেখা পোৱা৷ তেৱেঁই তোমাক ঘোচা মাৰিব বুলি তুমি জানা৷ কিন্তু ৰিঙৰ বাহিৰত তুমি নাজানা ঘোচা কোনে মাৰিব৷ মাত্র এটাই জানা যে ঘোচা পাছফালৰ পৰা আহিব৷
জীৱনৰ ৰিঙৰ প্রতিদ্বন্দ্বীবোৰ কিয় এনেকুৱা হয়? কিয় তেওঁলোকে লুকাই লুকাই আক্রমণ কৰে? সমুখ সমৰৰ কাৰণে তেওঁলোকৰ সামর্থ্য নাই নেকি? তেওঁলোকৰ কেৱল পাছফালৰ পৰা আঘাত কৰাৰহে কূট বুদ্ধি থাকে নেকি? তেওঁলোকৰ মনবোৰ কিয় ইমান কুৎসিত হয়? কি এই চৰিত্র?
এই মানুহবোৰ লুকাবলৈ বাধ্য৷ কাৰণ, তেওঁলোক নিজক লৈ নিশ্চিত নহয়৷ তোমাৰ তুলনাত নিজৰ সামর্থ্যৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাই৷ তোমাৰ লগত যেতিয়া তেওঁ নিজকে ৰিজায়, তেওঁ ভীষণ নিৰাপত্তাহীনতাত ভোগে৷ এই নিৰাপত্তাহীনতাই তেওঁলোকক ঈর্ষান্বিত কৰি তোলে৷ তোমাৰ প্রতি তেওঁলোকৰ মনত সৃষ্টি হয় এক প্রচণ্ড হিংসাৰ৷ তোমাৰ প্রতিভা, সফলতা, জনপ্রিয়তা তেওঁৰ বাবে হৈ পৰে সহ্যাতীত৷ তেওঁ তুমি হ’ব খোজে৷ নোৱাৰি ছটফটাই থাকে৷ হিংসাৰ এই দাবানল প্রশমিত কৰাৰ এটাই ৰাস্তা তেওঁলোকে বিচাৰি পায়৷ তোমাৰ অৱমূল্যায়ন কৰা৷ সন্মুখত থিয় হোৱাৰ সাহস যিহেতু নাই, পাছফালৰ পৰাই ঘোচা মাৰা৷ এই ঘোচাটো মাৰিয়েই তেওঁ তৃপ্তি পায়৷ কাৰণ তেওঁ তোমাতকৈ ওপৰলৈ উঠিল বুলি ভাবে৷ কাৰণ তেওঁলোকেও ক্ষমতা বিচাৰে৷ তেওঁলোকো শক্তিশালী হ’ব খোজে, প্রভাৱশালী হ’ব খোজে, প্রতিপত্তিশালী হ’ব খোজে৷ সেই ইমেজ বিচাৰে৷ সেই কাৰণে তোমাৰ গতিপথত হেঙাৰ সৃষ্টি কৰিব খোজে৷ সন্মুখৰ পৰা যিহেতু বাধা দিব নোৱাৰে, পাছফালৰ পৰাই টানি ৰখাব খোজে, পাছফালৰ পৰা আঘাত কৰাৰ বাহিৰে তেওঁলোকৰ উপায়ো নাই৷
কাৰণ, তেওঁলোকৰো এটা অতীত আছে৷ অতীত অতি ভয়ংকৰ৷ ভীষণ বিপজ্জনক৷ অতীতক গলাব নোৱাৰি, সলাব নোৱাৰি৷ মাত্র লুকুওৱাৰ চেষ্টা কৰিব পাৰি, পাহৰোৱাৰ চেষ্টা কৰিব পাৰি৷ অতীত কিন্তু অতীতেই৷ যেনেকুৱা তেনেকুৱাকৈয়ে থাকি যায়৷ আনৰ বর্তমান বা ভৱিষ্যতক কাটি তুমি তোমাৰ অতীত নাইকিয়া কৰিব নোৱাৰা৷ তোমাৰ প্রতিটো কাম, প্রতিটো ভুল মনত ৰখাই মনত ৰাখি থৈছে৷ তুমিও জানা৷ তুমি সন্মুখলৈ আহিব নোৱাৰা৷ সকলোৱে জনা দুই–এটা কথাতে তোমাৰ এই অৱস্থা৷ আনে নাজানে বুলি তুমি ভবাখিনিও কিন্তু মানুহে জানে৷ চোৰৰ দৰে আক্রমণ কৰাৰ বাহিৰে তোমাৰ উপায় নাই৷ তোমাৰ প্রায় সকলো আচৰণ হৈ পৰে চোৰৰ দৰে৷
কিন্তু আমিওতো বাচি থাকিব লাগিব৷ তোমাৰ কুৎসিত মানসিকতাৰ বলি আমি কিয় হ’ম? সেইকাৰণেই এই মানুহবোৰক চিনাক্ত কৰিব লাগে৷ তেওঁলোকৰ কামৰ ধৰণৰ পৰাই তেওঁলোক ধৰা পৰি যায়৷ কিবা নহয় কিবা নেতিবাচক কথাৰে তেওঁলোকে তোমাক হেয় প্রতিপন্ন কৰিবলৈ চেষ্টা কৰিবই৷ সেয়া বেছি সহ্য কৰিব নালাগে৷ অনাহকত চকুৰ লাজ ৰাখিবলৈ গৈ নিজক ধ্বংস কৰাৰ যুক্তি নাই৷ প্রয়োজন হ’লে পোনপটীয়াকৈ তেওঁৰ লগত কথা হ’ব লাগে৷ নতুবা সমজুৱাকৈ বিষয়টো উত্থাপন কৰিব লাগে৷ আচলতে এই পাছফালৰ পৰা ঘোচা মৰা মানুহে তোমাক ঢুকি নোপোৱা হৈ যাব লাগে৷ তেওঁলোকৰ কুৎসা কাৰচাজিয়ে তোমাক আহি চুব নোৱাৰা হৈ যাব লাগে৷ তেওঁলোকক ধৰফৰাই থাকিবলৈ দিয়া৷
অর্থাৎ তেওঁলোক চিনাক্ত হোৱাৰ পাছত আৰু কথা নাই৷ চিনাক্ত হোৱালৈকে মাত্র তোমাৰ ঘোচা সহ্য কৰাৰ ক্ষমতা আৰু শক্তি থাকিব লাগে৷ তেওঁলোকে নিজৰ আচৰণেৰেই নিজক ধৰা দিয়ে৷ কাৰণ, তেওঁলোকো তোমাৰ দৰে সফল হ’ব বিচাৰে, যিকোনো উপায়েৰে৷ তেওঁলোকে আনক ধ্বংস কৰিহে নিজে সফল হোৱা বা সফল বুলি দেখুওৱা সহজ বুলি ভাবে৷ নিজৰ আঁচডাল তেওঁলোকে যিহেতু দীঘল কৰিব নোৱাৰে, আনৰ আঁচডাল চুটি কৰিবলৈ যায়৷ আৰু ধৰা পৰি যায়৷
আৰু এটা কথা৷ আমি নিজেও আনক পাছফালৰ পৰা ঘোচা মাৰো নেকি? এই স্বভাৱটো আমাৰো আছে নেকি? সেয়া উপলব্ধি কৰাটো অৱশ্যে একেবাৰে সহজ৷ আমাৰ আনৰ বিষয়ে কেৱল নেতিবাচক কথাই মনলৈ আহে নেকি? আমি অনবৰতে আনৰ দোষ উলিয়াবলৈ যত্ন কৰি থাকো নেকি? নিজৰ সফলতাক লৈ আমি ইমানেই অতৃপ্ত যে আনৰ সফলতাই আমাক ঈর্ষান্বিত কৰি তোলে নেকি? আনৰ বদনাম গায়েই মই মানুহৰ প্রিয়পাত্র হ’ব খোজো নেকি? আনৰ বিষয়ে উৰা বাতৰি উৰুৱাই মই আনন্দ পাওঁ নেকি? যদি হয়, আপুনি এজন পশ্চাৎ–আক্রমণকাৰী৷ আপুনি এজন পশ্চাৎঘাতক৷ আপুনি চোৰৰ দৰে আক্রমণ কৰে৷ আপুনি চোৰ৷
সিদ্ধান্ত নিজৰ৷ চোৰ হ’ম নে চেম্পিয়ন? আমি আনৰ পিঠিৰ ফালে শক্তিশালী হ’ব বিচাৰো নে সকলোৰে সন্মুখত এই মানুহবোৰে পাছফালৰ পৰাই আঘাত কৰে৷ কাৰণ সিহঁত ইতিমধ্যে পিছপৰি গৈছে৷ সন্মুখত মিহি হৈ লাভ নাই, যদি পিঠিৰ পাছফালে তোমাৰ ৰূপ খাটি নহয়৷ এইটোকে কয় চুকতে থাকি বুকুতে কামোৰা বা বুকুতে থাকি চুকৰ পৰা কামোৰা৷
কিন্তু লাভ নাই৷ কাৰণ চেম্পিয়ন চেম্পিয়নেই৷ ঘোচা খায়ো আৰু মাৰেও৷ সন্মুখৰ পৰা৷
ফোনঃ ৯৪৩৫০–৪৮৪৮০