বিশেষ বাৰ্তা, ২ নৱেম্বৰঃ ২০২২ বর্ষৰ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক মূল পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়৷ সাক্ষাৎকাৰত অৱতীর্ণ হোৱাৰ বাবে ২৭৬৫জন প্রার্থীয়ে যোগ্যতা অর্জন কৰিছে৷ মূল পৰীক্ষাত যোগ্যতা অর্জন কৰা প্রার্থীসকলে পৰৱর্তী সময়ত মৌখিক সাক্ষাৎকাৰত অৱতীর্ণ হ’ব লাগিব৷ ১৬ নৱেম্বৰত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত হ’ব৷ মূল পৰীক্ষাত যোগ্যতা অর্জন কৰাসকলৰ বাবে ১৬ নৱেম্বৰৰ পৰা মাহজোৰা মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত হ’ব৷ ইয়াৰ সবিশেষ সময়সূচী শীঘ্রে লোকসেৱা আয়োগে প্রকাশ কৰিব৷ আনহাতে, ২০২৩ বর্ষৰ সংযুক্ত প্রতিযোগিতামূলক প্রাথমিক পৰীক্ষা ২০২৪ বর্ষৰ মার্চ মাহত শেষৰ ফালে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে পূর্বৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাসমূহৰ তুলনাত ২০২২ বর্ষৰ পৰীক্ষা যথেষ্ট পৃথক হিচাপে পৰিগণিত হৈছে৷ কিয়নো, প্রথমবাৰৰৰ বাবে এই পৰীক্ষা সর্বাধিক ৯১৩টা পদৰ বাবে অনুষ্ঠিত কৰা হৈছে৷ য’ত অভিলেখসংখ্যক প্রার্থী প্রাৰম্ভিক আৰু মূল পৰীক্ষাত অৱতীর্ণ হৈছিল৷ তদুপৰি এই পৰীক্ষাত সর্বমুঠ ২৭টা কেডাৰ অন্তর্ভুক্ত কৰা হৈছে৷ ইয়াৰ ভিতৰত অসম নগৰ প্রশাসনিক সেৱা, অসম বিত্তীয় সেৱা, সহকাৰী অডিট বিষয়া, সহকাৰী হিচাব বিষয়া, প্রশাসনিক বিষয়া ইত্যাদি অন্যতম৷