নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুছলমানে সন্তান জন্ম দিবহে জানে, যত্ন ল’ব নাজানে- বদৰুদ্দিন আজমল

নিয়মীয়া বাৰ্তা, ৩ নৱেম্বৰ : বৃহস্পতিবাৰে নিশা প্ৰায় ১০ বজাত উপস্থিত হৈ এআইইউডিএফপ্ৰধান বদৰুদ্দিন আজমলে বৰপেটাৰ আলোপতি চৰৰ ফকিৰপাৰাৰ এখন ৰাজহুৱা সভাত পুনৰ মুছলমান সমাজক উদ্দেশ্যি কৰিলে কেইবাটাও বিস্ফোৰক মন্তব্য| বদৰুদ্দিন আজমলে কয়- ‘মুছলমানৰ সন্তানে মাক-দেউতাকক সন্মান নকৰে। মুছলমানৰ সন্তানে পঞ্চতাৰকা হোটেলত টয়লেটৰ মল চাফা কৰে | মাক-দেউতাকক সেৱা নকৰা মুছলমানৰ সন্তানে বহিঃৰাজ্যত ছুইপাৰৰ চাকৰি কৰা বুলিও উল্লেখ কৰে | মুছলমানে লাজ পাব লাগে।’ নিজৰ ল’ৰা-ছোৱালীক শিক্ষিত বনাব লাগে বুলিও মন্তব্য কৰে ধুবুৰীৰ সাংসদগৰাকীয়ে | মুছলমানে সন্তান জন্ম দিবহে জানে, যত্ন ল’ব নাজানে বুলিও ধুবুৰীৰ সাংসদ আজমলে ৰাজহুৱা সভাখনত গুৰুত্বপূৰ্ণ মন্তব্য কৰে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like