নিয়মীয়া বাৰ্তা, ৩ নৱেম্বৰ : আজি বিলাসীপাৰাত বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকৰ মৃত্যু হোৱা ঘটনাত অঞ্চলটোত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। প্ৰাপ্ত বাতৰি মতে, বিলাসীপাৰা থানাৰ অন্তৰ্গত ছুৱাপাতা ৪ৰ্থ খণ্ড গাঁৱত সঞ্জাব আলী (২৭) নামৰ যুৱকজনে নিজৰ জলকীয়া খেতিত বৈদ্যুতিক মটৰৰ জৰিয়তে পানী যোগান ধৰিবলৈ যায়। এনে অৱস্থাত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি যুৱকজন গুৰুতৰভাৱে আহত হয়। পৰিয়ালৰ লোকে আহত যুৱকজনক উদ্ধাৰ কৰি ক্ষিপ্ৰতাৰে বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে। ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। এই ঘটনাক কেন্দ্ৰ কৰি বিলাসীপাৰাৰ ছুৱাপাতা অঞ্চলত শোকৰ ছাঁ পৰিছে ।
প্ৰেৰক সমৰেশ শীল শৰ্মা