নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দলিত মহিলাক বলাৎকাৰৰ পিছত নৃশংস হত্যা দুর্বৃত্তৰ

🔹 উত্তৰ প্রদেশৰ বান্দাত পুনৰ শিহৰণকাৰী ঘটনা

বিশেষ বাৰ্তা, ৩ নৱেম্বৰ : উত্তৰ প্রদেশত এগৰাকী দলিত মহিলাক দলবদ্ধ বলাৎকাৰৰ পিছত মহিলাগৰাকীৰ দেহ টুকুৰা–টুকুৰ কৰিছে দুষ্কৃতিকাৰীয়ে৷ শিহৰণকাৰী এই ঘটনাটো সংঘটিত হৈছে ৰাজ্যখনৰ বান্দাত৷ আৰক্ষী সূত্রই জনোৱা অনুসৰি, মূল অভিযুক্তৰ নাম ৰাজকুমাৰ শুক্লা৷ এই ঘটনাত ৰাজকুমাৰৰ সৈতে আৰু দুজন জড়িত আছে৷ ঘটনাৰ পিছৰে পৰা তিনিওটা অভিযুক্ত পলাতক অৱস্থাত আছে৷ বান্দাৰ গিৰৱানৰ আৰক্ষী বিষয়া সন্দীপ তিৱাৰীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, শুক্লাৰ আটা মিলত কাম কৰিছিল মহিলাগৰাকীয়ে৷ মঙলবাৰে এই মিলত কাম কৰাৰ সময়তে ইয়াৰ সমীপৱর্তী ঘৰ এটাত মহিলাগৰাকীক বলাৎকাৰ কৰাৰ পিছত নৃশংসভাৱে হত্যা কৰা হয়৷ মহিলাগৰাকীৰ চিৎকাৰ শুনি কিশোৰী কন্যাই ঘৰটোৰ ওচৰলৈ গৈ মাতৃৰ ৰক্তাক্ত মৃতদেহ প্রত্যক্ষ কৰে৷ ইয়াৰ পিছতে প্রতিৱেশী লোকে আৰক্ষীক খবৰ দিয়ে৷

You might also like