বাৰ্তা বুৰো, ৪ নৱেম্বৰঃ যিসময়ত সমাজৰ সৰ্বস্তৰতেমূল্যবোধৰ অৱক্ষয় হৈছে, সেই সময়তো মৰিগাঁও জিলাৰ এগৰাকী সমাজকৰ্মী যুৱকে তেওঁ নিজে প্ৰতিষ্ঠা কৰা সহায় নামৰ সংগঠনটোৰ জৰিয়তে বিগত ১৭ বছৰ ধৰি মৰিগাঁও নগৰৰ মানসিক বিকাৰগ্ৰস্ত একাংশ কেউকিছু নোহোৱা ব্যক্তিক প্ৰতিদিনে দুপৰীয়াৰ খাদ্য যোগান ধৰি আহিছে। উল্লেখ্য এদিন দুদিন নহয় বিগত ১৭ বছৰে মৰিগাঁও নগৰৰ ৰাজু মহন্ত নামৰ যুৱকজনে কেইবাজনো সংগীৰ সহযোগত দুপৰীয়া নিৰ্দিষ্ট সময়ত প্ৰতিদিনে নিজৰ গাঁঠিৰ ধন ভাঙি অথবা কেতিয়াবা শুভাকাংশী ব্যক্তিৰ সহযোগত দৈনিক ২০ৰ পৰা ৩০জন এনে অসহায় ব্যক্তিক খাদ্য প্ৰদান কৰি আহিছে। মৰিগাঁও পৌৰসভাৰ কৰ্মচাৰী ৰাজু মহন্তই সহায় নামৰ যিটো সংগঠন প্ৰতিষ্ঠা কৰিছিল সেই সংগঠনটো কিন্তু বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন ৰূপে পঞ্জীয়ন কৰা নাই। কেৱল ৰাইজৰ কল্যান আৰু সমাজৰ হিত সাধনৰ উদ্দেশ্য আগত ৰাখি নিৰন্তৰ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দি অহা ৰাজু মহন্তই তেওঁৰ সহায় নামৰ সংগঠনতোৰ বেনাৰত বিগত সময়চোৱাত ২২০০ দৰিদ্ৰ দম্পত্তিৰ সামাজিক বিবাহ সম্পন্ন কৰিছে। তদুপৰি বিভিন্ন সময়ত ১০০ৰো অধিক অভিভাৱকহীন মৃতদেহৰ সৎকাৰ কাৰ্য সম্পন্ন কৰিছে। আনহাতে ৰাজ্যত তথ্য জনাৰ অধিকাৰ আইনৰ সহায় লৈ দুৰ্নীতিৰ বিৰুদ্ধে আপোচবিহীন সংগ্ৰাম কৰা অন্যতম এক সংগঠন ত পৰিণত হোৱা সহায় আৰু সহায়ৰ মূল কাণ্ডাৰী ৰাজু মহন্তৰ ফাদিল কৰা স্বাস্থ্য বিভাগৰ ১২৭জন আৰু আন আন বিভাগৰ ৯২ জন অবৈধ নিযুক্তি প্ৰাপ্ত ক অসম চৰকাৰে বৰ্খাস্ত কৰিবলৈ বাধ্য হৈছিল। উল্লেখ্য সহায় প্ৰতিষ্ঠা কালৰ পৰাই ৰাজু মহন্ত ৰ নেতৃত্বত সমাজৰ পিছপৰা শ্ৰেণীৰ দৰিদ্ৰ লোক সকলৰ বিভিন অসুবিধা ,চৰকাৰী আঁচনি ৰূপায়ন ত দুৰ্নীতি, বিশ্ব গৌৰৱ এশিঙীয়া গঁড় হত্যাৰ বিৰুদ্ধে তীব্ৰ আন্দোলন, বিভিন্ন চৰকাৰী বিভাগত সংঘটিত হয় দুৰ্নীতিৰ বিৰুদ্ধে বিভিন্ন গোচৰ ৰুজু কৰি ন্যায় প্ৰদানৰ চেষ্টা কৰিছিল। তদুপৰি দেশৰ স্বাধীনতা আন্দোলনৰ আমাৰ শ্বহীদ হেমৰাম পাতৰ, তিলক ডেকা, গুণাভিৰাম বৰদলৈৰ অৱক্ষ মূৰ্ত্তি মৰিগাঁও জিলা আয়ুক্ত কাৰ্যলয় চৌহদত প্ৰতিষ্ঠাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰাৰ লগতে সহায়ৰ প্ৰচেষ্টাতে মৰিগাঁও অসামৰিক চিকিৎসালয়খন এই তিনি শ্বহীদৰ নামেৰে নামাকৰণ কৰা হয় চৰকাৰৰ ফালৰ পৰা। প্ৰচাৰৰ পৰা সদায় দূৰত অৱস্থান কৰা ৰাজু মহন্তই প্ৰতিদিনে দৰিদ্ৰ জনতাৰ সহায় ৰূপে থিয় দি আহিছে ।
প্ৰেৰক প্ৰাঞ্জল দাস