নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০০ বছৰলৈ সংখ্যালঘুৰ ভোট নালাগে বিজেপিক : পীয়ূষ হাজৰীকা

বিশেষ বাৰ্তা, ৪ নৱেম্বৰঃ আজি ওদালগুৰি জিলাৰ ভেৰগাঁও বিধানসভা সমষ্টিত বিজেপিৰ বিশাল জনজাগৰণৰ সভা অনুষ্ঠিত হয়। উক্ত সভাত মন্ত্ৰী পীয়ূষ হাজৰীকাই অংশগ্ৰহণ কৰে। সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়- দুশ বছৰলৈ নালাগে সংখ্যালঘুৰ ভোট। আমাক লাগে অসমীয়াৰ ভোট। প্ৰায় পাঁচ হাজাৰ লোকে অংশগ্ৰহণ কৰা সভাখনত উপস্থিত থাকে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা। সভাত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰে মন্ত্ৰী পীয়ুষ হাজৰিকা। তেওঁ হাজাৰ হাজাৰ লোকৰ উপস্থিতিত বিজেপিয়ে একপ্ৰকাৰৰ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰণশিঙা বজোৱা পৰিলক্ষিত হয়। সম্প্ৰতি ইউ পি পি এলৰ সৈতে মিত্ৰতা থকাৰ সময়তে নিজৰ সাংগঠনিক স্থিতি প্ৰতিপন্ন কৰি নিজৰেই ইউ পি পি এলক প্ৰত্যাহ্বান জনালে বিজেপিয়ে। বিশাল সভাত অংশগ্ৰহন কৰি আগন্তুক লোকসভা নিৰ্বাচনত পুনৰ পদুম ফুলৰ ছবিত ৰাইজক ভোট দিবলৈ আহ্বান জনায় বিজেপি নেতৃবৃন্দই। উল্লেখযোগ্য যে সম্প্ৰতি বিটিচিত বিজেপিৰ সাংগঠনিক ভেটি সবল কৰিবলৈ মন্ত্ৰী পীয়ুষ হাজৰিকাক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশেষভাৱে দায়িত্ব অৰ্পণ কৰিছে । তাৰেই ফলস্বৰূপে মন্ত্ৰী পীয়ুষ হাজৰিকাই বিটিচি এলেকাত চলাইছে বিশেষ তৎপৰতা। সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰী পীয়ুষ হাজৰিকাই এশ বছৰলৈ মুছলমানৰ ভোট নালাগে বুলি বুলি মন্তব্য কৰাৰ লগতে বিজেপিক অসমীয়া লোকৰ ভোট লাগে বুলি কয়। আনহাতে আজিৰ সভাতে প্ৰায় ১০০০ হাজাৰ লোকে বিজেপিত যোগদান কৰে।

#বাৰ্তা ডেস্ক

You might also like