ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ নৱেম্বৰ : ৰাজ্যৰ পথ যোগাযোগ, স্বাস্থ্য আৰু অন্যান্য খণ্ডৰ লগতে শিক্ষাখণ্ডতো চলি আছে বৃহৎ আন্তঃগাঁথনিৰ কাম৷ ‘নিডা’ৰ অধীনত অসমত ২,৭৯৮.৬৩ কোটি টকাৰে ৩খন ইঞ্জিনীয়াৰিং কলেজ, ৬খন বিশ্ববিদ্যালয়, ৯খন মডেল কলেজ, ১০খন মহিলা কলেজ, ২,৫০০খন ষ্টেট অৱ দ্য আর্ট প্রাথমিক বিদ্যালয়ৰ আন্তঃগাঁথনি নির্মাণৰ কাম চলি আছে৷ সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই বৃহৎ আন্তঃগাঁথনিৰ কাম–কাজৰ বিষয়ে সদৰী কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰা অনুসৰি, ৩খন ইঞ্জিনীয়াৰিং কলেজ হৈছে– বিহালী ইঞ্জিনীয়াৰিং কলেজ, শুৱালকুছি ইঞ্জিনীয়াৰিং কলেজ আৰু বঙাইগাঁও ইঞ্জিনীয়াৰিং কলেজ৷ সেইদৰে ৬খন বিশ্ববিদ্যালয় হৈছে– মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়, ৰবীন্দ্রনাথ ঠাকুৰ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়, বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয় আৰু অনিৰুদ্ধ ক্রীড়া বিশ্ববিদ্যালয়৷ ৯খন মডেল কলেজ হৈছে– সোণাই মডেল কলেজ, চেঙা মডেল কলেজ, বটদ্রৱা মডেল কলেজ, মঙলদৈ মডেল কলেজ, গোলকগঞ্জ মডেল কলেজ, জলেশ্বৰ মডেল কলেজ, বিলাসীপাৰা মডেল কলেজ, হাইলাকান্দি মডেল কলেজ আৰু কৰিমগঞ্জ মডেল কলেজ৷ সেইদৰে যোৰহাট মহিলা কলেজকে ধৰি আন ৯খন মহিলা কলেজৰো আন্তঃগাঁথনিৰ কাম চলি আছে৷ ইপিনে, ৰাজ্যত ২,৫০০খন ষ্টেট অৱ দ্য আর্ট নিম্ন প্রাথমিক বিদ্যালয়ৰ আন্তঃগাঁথনি নির্মাণৰ কাম চলি আছে৷