আজি মিজোৰাম-ছত্তিশগড়ৰ বিধানসভা নির্বাচনৰ ভোট
বিশেষ বাৰ্তা, ৭ নৱেম্বৰ : ২০২৪ৰ লোকসভা নির্বাচনৰ পূর্বে ছেমি ফাইনেল খ্যাত পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচনৰ ভিতৰত আজি মিজোৰাম আৰু ছত্তিশগড়ত ভোটগ্রহণ৷ উত্তৰ–পূবৰ ৰাজ্য মিজোৰামত আজি একেটা পর্যায়তে ৪০টা বিধানসভা সমষ্টিত ভোটগ্রহণ হ’ব৷ নির্বাচন আয়োগে সকলো প্রস্তুতি সম্পূর্ণ কৰি তোলাৰ পাছত আজি পুৱাৰে পৰা ৪০জনীয়া মিজোৰাম বিধানসভাৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ ৪০টা বিধানসভা সমষ্টিত ১,২৭৬টা ভোটগ্রহণ কেন্দ্রৰ ভিতৰত ১৪৯টা অতি দুর্গম অঞ্চলত৷ ৩০টা ভোটগ্রহণ কেন্দ্র আন্তঃৰাজ্যিক সীমান্তৱর্তী৷ ৩ হাজাৰ আৰক্ষী আৰু ৫,৪০০ কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনীৰ জোৱান ভোটকেন্দ্রসমূহত মোতায়েন কৰা হৈছে৷ আজি ১৭৪গৰাকী প্রার্থীৰ ভাগ্য নির্ণয় কৰিব ৮.৫৭ লাখ ভোটাৰে৷ ইয়াৰ ভিতৰত ৪,৩৯,০২৬গৰাকী মহিলা ভোটাৰৰ বিপৰীতে বাকীখিনি পুৰুষ ভোটাৰ৷ উল্লেখ্য যে ২০১৮ চনৰ বিধানসভা নির্বাচনত ৪০জনীয়া বিধানসভাত এমএনএফে ২৮খন আসন লাভ কৰাৰ বিপৰীতে কংগ্রেছে ৫খন আসন লাভ কৰিছিল৷ বিজেপিয়ে ৩৯ আসনত প্রতিদ্বন্দ্বিতা কৰি মাত্র এখন আসন লাভ কৰাৰ বিপৰীতে জেপিএমে ৬খন আসন লাভ কৰিছিল৷ ইপিনে, ছত্তিশগড়ত আজি প্রথম পর্যায়ত ৯০জনীয়া বিধানসভাৰ ২০টা সমষ্টিত ভোটগ্রহণ হ’ব৷ নক্সাল অধ্যুষিত বাস্তাৰসহ ২০টা বিধানসভা সমষ্টিত নির্বাচনৰ ভোটগ্রহণৰ বাবে আয়োগে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷ নক্সাল অধ্যুষিত ১২টা সমষ্টিত পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটগ্রহণ হোৱাৰ বিপৰীতে বাকী সমষ্টিকেইটাত পুৱা ৮ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ পৰৱর্তী ৭০টা সমষ্টিত অহা ১৭ নৱেম্বৰত ভোটগ্রহণ হ’ব৷ তাৎপর্যপূর্ণ যে ২০১৮ চনৰ বিধানসভা নির্বাচনত ৯০খন আসনৰ ভিতৰত কংগ্রেছে ৬৮খন আৰু বিজেপিয়ে ১৫খন আসন লাভ কৰিছিল৷ দুয়োখন ৰাজ্যৰে ভোটগণনা ৩ ডিচেম্বৰত সম্পন্ন হ’ব৷ আনপিনে, মধ্যপ্রদেশ, ৰাজস্থান আৰু তেলেংগানাতো চলিত মাহতে ভোটগ্রহণ হ’ব৷ ইতিমধ্যে এই তিনিখন ৰাজ্যত নির্বাচনী প্রচাৰ তুংগত উঠিছে৷
ছত্তিশগড়ত ভোটগ্রহণৰ পূর্বে মাওবাদীৰ এম্বুশ্ব
কাংকেৰত মাওবাদীৰ আক্রমণত এজন কনিষ্টবল, দুজন প’লিং এজেণ্ট আহত
আজি ছত্তিশগড়ত প্রথম পর্যায়ৰ ভোটগ্রহণৰ পূর্বে কালি কাংকেৰত মাওবাদীয়ে নির্বাচনী প্রক্রিয়াত অংশগ্রহণ কৰিবলৈ যোৱা বিষয়াৰ গাড়ীত এম্বুশ্ব কৰে৷ আইইডি বিস্ফোৰণেৰে মাওবাদীয়ে এই আক্রমণ চলোৱাত এজন বিএছএফ জোৱান আহত হয়৷ এই আক্রমণত এজন বিএছএফ জোৱান আৰু দুজন প’লিং এজেণ্ট আহত হৈছে৷ আহত বিএছএফ জোৱানজনক প্রকাশ চান্দ বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে৷ ভৰিত গুৰুতৰভাৱে আঘাতপ্রাপ্ত জোৱানজনক চোটেবেটিয়া চিকিৎসালয়লৈ প্রেৰণ কৰা হৈছে৷ ইপিনে, প’লিং এজেণ্ট দুজন সামান্য পৰিমাণে আঘাত পোৱাত স্থানীয় চিকিৎসালয়তে প্রাথমিক চিকিৎসা আগবঢ়োৱা হয়৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, কাংকেৰ জিলাৰ চোটেবেটিয়া আৰক্ষী থানাৰ পৰা চাৰিজন প’লিং এজেণ্ট লৈ ৰেংগাঘাটিৰ পৰা মাৰমেদালৈ গৈ থকা অৱস্থাত বিএছএফ আৰু জিলা আৰক্ষীৰ কনভয়ত মাওবাদীয়ে আক্রমণ চলায়৷