নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ কৃষিজীৱী লোকে দেখুৱাই দিলে একতাৰ পৰম বল

নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰ : ঢকুৱাখনাৰ এখন গাঁৱৰ কৃষিজীৱী ৰাইজে দেখুৱালে একতাৰ পৰম বল। চৰকাৰী পুঁজিলৈ আশা নকৰি গাঁঠিৰ ধন ভাঙি ৰাজহুৱা শ্ৰমদানেৰে গাঁওবাসীৰ সুবিধা হোৱাকৈ চাৰিকড়ীয়া নৈৰ ওপৰত নিৰ্মান কৰিলে ৩০০ মিটাৰ দৈৰ্ঘ্যৰ এখন বাঁহৰ দলং।ঢকুৱাখনাৰ জিয়ামৰীয়া গাঁৱত ৰাজহুৱা শ্ৰমদানেৰে দুদিনৰ ভিতৰতে চাৰিকড়ীয়া নৈৰ ওপৰত নিৰ্মান সম্পূৰ্ণ কৰি তোলা সৰ্ববৃহৎ দলংখনে দৃষ্টি কাঢ়িছে সকলোৰে। এই দলঙৰেই এতিয়া যাতায়ত কৰি জিয়ামৰীয়া গাঁৱৰ লগতে নিকটৱৰ্তী কেইবাখনো গাঁৱৰ শ শ কৃষক, গো পালকসকল উপকৃত হৈছে।গাঁওখনৰ প্ৰত্যেকেই নিজৰ ঘৰৰ পৰা বাঁহ-বেত আদি বনজ সম্পদ সংগ্ৰহ আৰু ব্যৱহাৰ কৰি ৰাইজে শ্ৰমদানেৰে সাজিলে ৬০যোৰকৈ ভলুকা বাঁহৰ খুটা বিশিষ্ট চাৰিকড়ীয়া নৈৰ ওপৰৰ আটাইতকৈ দীঘল দলংখন।উল্লেখ্য যে দেওবাৰে পুৱাই ‘ৰাইজে নখ জোকাৰিলে নৈ বয়’ আপ্ত বাক্যশাৰী সৰোগত কৰি হাতে হাতে দা ,কুঠাৰ সহ নিৰ্মাণ সঁজুলি লৈ নদীৰ পাৰত সমবেত হয় গাওঁখনৰ লোকসকল। চৰকাৰলৈ আশা নকৰি গাঁঠিৰ ধন ভাঙি, খৰস্ৰোতা নৈখনৰ এবুকু পানীত নামি গঞাই পুৱা বেলাতে নৈখনৰ বুকুত খুটা পোতাত ব্যস্ত হৈ পৰে।পৰৱৰ্তী সময়ত গাঁওখনৰ যুৱকৰ পৰা বৃদ্ধলৈ একত্ৰিত হৈ দিনে-নিশাই কঠোৰ শ্ৰম কৰি সোমবাৰে বিয়লিলৈ দুচকীয়া বাহন পাৰাপাৰ হ’ব পৰাকৈ এখন শক্তিশালী বাঁহৰ দলং নিৰ্মান কৰি উলিয়ায়।সন্ধিয়া দলং নিৰ্মাণস্থলীত ৰাইজে সমূহীয়া ভোজভাত খাই নৱনির্মিত দলংখন ৰাইজৰ সমূহীয়া ব্যৱহাৰৰ বাবে উৎসৰ্গা কৰি উৎফুল্লিত হৈ পৰে। গাঁওখনৰ কৃষক তথা ৰাইজৰ উমৈহতীয়া মেৰুদণ্ড স্বৰূপ দলংখন নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হৈছে হাজাৰৰো অধিক ডাল বাঁহ।উল্লেখনীয় যে যুগ যুগ ধৰি উত্তৰ ঢকুৱাখনা গাঁও পঞ্চায়তৰ অধীনস্থ জিয়ামৰীয়া গাঁৱৰ ৰাইজৰ বাবে খৰালি বাঁহৰ দলং সাজি লোৱাটো বছেৰেকীয়া নিয়মত পৰিণত হৈ পৰিছে।কিন্তু প্ৰতি বছৰেই বাঢ়নী পানীয়ে উটুৱাই নিয়ে কষ্টসহিষ্ণু ৰাইজে চাৰিকড়ীয়া নদীৰ ওপৰত নিৰ্মান কৰি লোৱা বাঁহৰ দলংখন।কোনো চৰকাৰী পুঁজিলৈ আশা নকৰি প্ৰশাসন অথবা জপ্ৰতিনিধিৰ সাহায্যলৈ বাট নাচাই ৰাজহুৱা শ্ৰম আৰু গাঁঠিৰ ধন ব্যয় কৰি প্ৰায় ৩০০ মিটাৰ দৈৰ্ঘ্যৰ এইখন দলং নিৰ্মাণৰ লগে লগেই গাঁওবাসীৰ লগতে শ শ হেক্টৰ কৃষি ভূমিত ধান খেতি, ৰবি শস্যৰ লগত জড়িত কৃষক ,গোপালনৰ সৈতে জড়িত লোকসকলৰ যাতয়াতৰ বাবে সুচল হৈ পৰিছে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like