নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষ্ণাইত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰ : গোৱালপাৰা জিলাৰ কৃষ্ণাইত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ এই অভিযানত ড্ৰাগছসহ এটা সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ কৃষ্ণাইৰ খৰিধৰাত নিশা এক গোপন সূত্ৰৰ পম খেদি কৃষ্ণাই আৰক্ষীয়ে ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাইছিল ৷ কৃষ্ণাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণকাম বৰদলৈৰ নেতৃত্বত চলোৱা এই অভিযানত এটা ড্ৰাগছ সৰবৰাহকাৰী আটক কৰাৰ লগতে ৩৫টা কন্টেইনাৰৰসহ চাৰি গ্ৰাম (হেৰোইন) ড্ৰাগছ আৰু ২৫টা নিচাজাতীয় কফ চিৰাপ জব্দ কৰিছে আৰক্ষীয়ে ৷ আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম মণিৰুল ইছলাম ৷ মণিৰুল ইছলাম নামৰ যুৱকজন দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহৰ লগত জড়িত বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷

প্ৰেৰক বেনজিন বড়ো 

You might also like