নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰ : কামৰূপ জিলাৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত বিদ্যানগৰ বজাৰ আৰু লক্ষণপুৰত আন বছৰৰ দৰে এইবেলিও দেৱালীৰ গইনা লৈ সন্ধিয়া সময়তেই এটা জুৱাৰী চক্ৰই অনুষ্ঠিত কৰিছিল মুকলি জুৱাৰ আড্ডা ৷ অঞ্চলটোৰ এটা হাতদীঘল দালাল চক্ৰৰ হতুৱাই নগৰবেৰা আৰক্ষী থানা মেনেজ কৰি বৃহৎ জুৱাৰী চক্ৰই অঘোষিত অনুমতি পায়ে দেৱালীৰ গইনা লৈ বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰাৰ সমান্তৰালভাৱে থানাৰ দালালৰ সাহসত দুয়োটা স্থানত অনুষ্ঠিত কৰিছিল ঝাণ্ডি-মুণ্ডা জুৱা ৷ অৱশেষত এক গোপন সূত্ৰৰ পম খেদি নগৰবেৰা আৰক্ষী থানাৰ সহকাৰী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কমল ডেকাৰ নেতৃত্বত এটা দলে দুয়োটা স্থানতে জুৱা খেল আৰু জুৱাৰীৰ বিৰুদ্ধে আকস্মিক অভিযান চলাই বিদ্যানগৰ আৰু পিজুপাৰা লক্ষণপুৰ অঞ্চলৰ ফিল্ডৰ পৰা জুৱা খেল উৎখাত কৰাৰ লগতে জুৱা খেলত ব্যৱহৃত সা-সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ উল্লেখযোগ্য যে অভিযানৰ সময়তে আৰক্ষী আৰু আৰক্ষীৰ বাহন দেখা পাই জুৱাৰীসকলে এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে ৷ আৰক্ষী বিষয়া কমল ডেকাই অবৈধ জুৱাৰ বিৰুদ্ধে চলোৱা এই অভিযানক ভূয়সী প্ৰশংসা কৰিছে অঞ্চলটোৰ সচেতন ৰাইজে |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস