নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূপেন বৰা নন-ছিৰিয়াছ পলিটিচিয়ান : মন্ত্ৰী পীযুষ হাজৰিকা

বিশেষ বাৰ্তা, ১৩ নৱেম্বৰঃ ৰাজনীতি কৰা ব্যক্তি হিচাপে মই অনুভৱ কৰোঁ যে, জাগীৰোড সমষ্টিৰ পৰা যদি এজন ব্যক্তিও অন্য ৰাজনৈতিক দললৈ গুচি যায় আমি কষ্ট পাওঁ, চিন্তাত পৰোঁ। এগৰাকী ৰাজনৈতিক নেতাৰ এইটো চিৰাচৰিত সাধাৰণ কথা। ঠিক তেনেদৰেই দেবব্ৰত শইকীয়াই চিন্তা কৰিছে। কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বেলেগ গ্ৰহৰ পৰা অহা ব্যক্তিৰ নিচিনা কথা কয়। তেওঁ এনেকাৰণতে নিৰ্বাচনত পৰাজয় বৰণ কৰে। এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰীকাৰ। শেহতীয়াকৈ নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ দলত্যাগক লৈ ভূপেন বৰাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আজি এই মন্তব্য় আগবঢ়ায় মন্ত্ৰী পীযুষ হাজৰীকাই। আজি জাগীৰোড সমষ্টিৰ বাঘজাপ গাঁও পঞ্চায়তৰ বাঘজাপ ৰামমন্দিৰ প্ৰাংগণত আয়োজিত পঞ্চায়ত পৰ্যায়ৰ “অসম সাংস্কৃতিক মহাসংগ্ৰাম” প্ৰতিযোগিতাৰ আৰম্ভণি কাৰ্যসূচীত উপস্থিত থাকি এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে কয় যে, আমি নিৰ্বাচনত পৰাজয় হোৱা নাই কাৰণ এনেবোৰ কথাত আমি যথেষ্ট ছিৰিয়াছ হওঁ। এজন যদি ব্যক্তি দলৰ পৰা গুচি যায়, দলৰ ক’ৰবাত কিছু বিসংগতি হৈছে। গতিকে এজনো ব্যক্তি যাতে দলৰ পৰা গুচি নাযায় তাৰ প্ৰতি আমি যথেষ্ট সংবেদশীল হওঁ। লগতে কয় যে, মানুহ দলত থাকক বা নাথাকক ভূপেন বৰাৰ কোনো মতলব নাই। তেওঁ কথা মাত্ৰ এটাই যে আসনখনত কিবাকৈ থাকিব লাগে। ভূপেন বৰা ননছিৰিয়াছ পলিটিচিয়ান। গতিকে তেওঁ এনেকথা ক’ব পাৰে।

#বাৰ্তা ডেস্ক

You might also like