নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰঃ গোৱালপাৰা জিলাৰ শিমলীতোলা বৰবড়ী গাঁৱত উলহ মালোহেৰে ১০০তম কালী পূজা উদযাপন কৰা হয়। জিলাখনৰ দুধনৈ সমষ্টিৰ অন্তৰ্গত বডৰবড়ীত ১২ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ চাৰি দিনীয়া বৰ্ণাঢ্য ধৰ্মীয় কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই পূজাভাগৰ। বৰবড়ী মা কালী মন্দিৰ প্ৰাংগনত আয়োজন কৰা পূজাভাগৰ প্ৰথম দিনা মা কালীৰ প্ৰতিমা স্থাপন, এশ বন্তি প্ৰজ্বলন আদি কাৰ্যসূচী সম্পন্ন হয় আৰু শ্ৰীশ্ৰীকালী পূজা মহোৎসৱত দেওবাৰৰ সন্ধিয়াৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা। একেদৰে অনুষ্ঠানত দুধনৈৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী, নগৰবেৰা বি পি চি কলেজৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ উৎসৱানন্দ দাস, অসম ৰাজ্যিক পৰিবহণ বিভাগৰ প্ৰাক্তন যুটীয়া সচিব ড° কুশল হাজৰিকা আদি ভালেসংখ্যক বিশিষ্ট ব্যক্তিও উপস্থিত থাকে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস