নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাতৃৰ পিণ্ড দিবলৈ গৈ ব্ৰহ্মপুত্ৰত নিখোজ হোৱা এজনৰ সন্ধান লাভ

বিশেষ বাৰ্তা, ১৩ নৱেম্বৰঃ অৱশেষত ছয় দিনৰ অন্তত মাতৃৰ পিণ্ড দিবলৈ গৈ ডিব্ৰুগড়ৰ মোহনাঘাটৰ ব্ৰহ্মপুত্ৰ নদীত নিখোজ হোৱা দুই ভাতৃৰ ভিতৰত এজনৰ সন্ধান ওলাল। আজি পুৱা স্থানীয় লোকে মোহনাঘাটৰ ব্ৰহ্মপুত্ৰত উক্ত পিণ্ড দিয়া স্থানতে উদ্ধাৰ কৰে মৃতদেহটো।মৃতদেহটো পৰিয়ালৰ লোকে দিগন্ত কাকতিৰ মৃতদেহ বুলি চিনাক্ত কৰে। উল্লেখ্য যে যোৱা ৮ নৱেম্বৰৰ পুৱাই সংঘটিত হৈছিল সেই মৰ্মান্তিক হৃদয় বিদাৰক ঘটনাটো। মাতৃৰ শোকত দগ্ধ হৈ মাতৃৰ ছয়মহীয়া শ্ৰাদ্ধৰ পিণ্ড দিবলৈ গৈ সলিল সমাধি ঘটিছিল দিগন্ত আৰু অনন্ত কাকতি নামৰ দুই ভাতৃৰ। দুই ককাই ভাই একেলগে ব্ৰহ্মপুত্ৰত নিখোজ হৈ থকা ঘটনাই সমগ্ৰ জিলাখনতে গভীৰ শোকৰ ছাঁ পেলাইছিল। প্ৰতিজন লোকৰ হৃদয় কঁপাই গৈছিল। তাতোকৈয়ো হৃদয় বিদাৰক ঘটনা এয়ে যে এই সমগ্ৰ ঘটনাৰ একমাত্ৰ সাক্ষী হৈ ৰৈছিল দিগন্ত কাকতিৰ নিস্পাপ ৭ বছৰীয়া কনমানি কন্যাগৰাকী। ডিব্ৰুগড় চহৰৰ আমোলাপট্টী চাৰিআলিৰ দুগৰাকীকৈ সুঠাম যুৱকে অকাল মৃত্যুক সাৱতি লোৱাৰ লগতে এগৰাকী বোৱাৰীক বৈধব্যৰ সাজ পিন্ধাই , দুগৰাকী কনমানিক চিৰদিনলৈ পিতৃহাৰা কৰিছিল। দিগন্ত আৰু অনন্ত কাকতিৰ মাতৃ সাবিত্ৰী কাকতিৰ ছমহীয়া সকামৰ বাবে যোৱা ৮ নৱেম্বৰত পুৱা নিজ গৃহত বৈদিক নীতি নিয়ম কৰাৰ পাছত ব্ৰহ্মপুত্ৰ নদীত পিণ্ড দিয়াৰ বাবেই দুই পুত্ৰ ক্ৰমে দিগন্ত আৰু অনন্তই ব্ৰহ্মপুত্ৰলৈ বুলি ওলাই গৈছিল। পিণ্ড দিবলৈ অনন্ত নামি যোৱাত নদীত ডুব যোৱা দেখি, ককায়েক দিগন্তই, নিজ ভাতৃক বচাবলৈ নদীত জপিয়াই দিয়াৰ পাছতেই সন্ধান লাভ কৰা নাছিল। নদীৰ পাৰত থিয় হৈ থকা দিগন্তৰ কনমানি কন্যাগৰাকীয়ে চিঞৰি চিঞৰি কন্দাত নিলগত থকা কিছু মানুহ দৌৰি আহে যদিও বহু পলম হৈ গৈছিল।নিজ চকুৰ সন্মুখতে পিতৃ আৰু খুৰাকৰ এনে দৃশ্যই বহু সময়লৈকে কিশোৰী গৰাকীক মুকবধিৰ কৰি তুলিছিল। উক্ত দিনাৰে পৰা SDRF আৰু NDRF বাহিনীয়ে নদীৰ বুকুত সন্ধান অব্যাহত ৰাখিছিল যদিও কোনো সন্ধান উলিওৱাবলৈ সক্ষম হোৱা নাছিল।দিগন্ত কাকতিৰ পৰিবাৰ আত্মীয় সকলে নিতৌ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত সন্ধানৰ আশাত চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিছিল। কিন্তু কোনো সন্ধান লাভ কৰা নাছিল। কিন্তু অৱশেষত আজি ছটা দিনৰ পাছত ঘটনা সংঘটিত হোৱা স্থানতে উপঙি আছিল দিগন্ত কাকতিৰ মৃতদেহ। অৱশ্যে বৰ্তমানেও দিগন্তৰ ভাতৃ অনন্ত কাকতি কোনো সন্ধান লাভ কৰা নাই।

প্ৰেৰক বিভাস দুৱৰা

You might also like