বাৰ্তা ব্যুৰো, ১৩ নৱেম্বৰঃ গুৱাহাটী মহানগৰীৰ এটা এপাৰ্টমেন্টত এগৰাকী বিউটিচিয়ানৰ মৃতদেহ উদ্ধাৰ হোৱা ৰহস্যজনক ঘটনাৰ সতে নাম সাঙোৰ খোৱা মণি খান নামৰ যুৱকজনৰ সন্দৰ্ভত ন ন তথ্য পোহৰলৈ আহিছে৷ অঞ্জু দৰ্জী নামৰ মৃত বিউটিচিয়ানগৰাকীৰ সতে দীৰ্ঘদিন ধৰি অবৈধ সম্পৰ্ক আছিল৷ বৰপেটা জিলাৰ কয়াকুছি আৰক্ষী চকীৰ অন্তৰ্গত বৰবালা গাঁৱৰ মণি খান পেছাত এগৰাকী কাঠৰ ব্যৱসায়ী ৷ প্ৰায় ১২ বছৰ পুৰ্বে হাউলীৰ এগৰাকী যুৱতীৰ সতে প্ৰেম বিবাহ হৈছিল মণি খানৰ ৷ বিবাহিত মণি খানৰ আছে এগৰাকী কন্যা আৰু এটি পুত্ৰ সন্তান ৷ ব্যৱসায়ীক সুত্ৰে প্ৰায়ে ঘৰৰ বাহিৰত থাকে মণি খান৷ বৰবালা গাঁৱৰ গাঁও পঞ্চায়তৰ এগৰাকী প্ৰয়াত কাউন্সিলাৰৰ পুত্ৰ মণি খানৰ গাঁৱৰ ঘৰত আছে পত্নী আৰু পুত্ৰ কন্যা ৷ ঘৰৰ ওচৰতে মনি খানৰ বিবাহিতা ভনীয়েকৰ সতে থাকে মাতৃ৷ মণি খানৰ বৃদ্ধা মাতৃয়ে জনোৱা মতে বিগত প্ৰায় দুই তিনিমাহ ধৰি ঘৰলৈ অহা দেখা নাছিল মণি খানক ৷ ব্যৱসায়ৰ বাবেই ঘৰৰ পৰা প্ৰায়ে আতৰি আছিল মণি খান ৷ ইপিনে মণি খানৰ পত্নীয়ে জনোৱা মতে অঞ্জু দৰ্জী নামৰ যুৱতীগৰাকীৰ সতে মণি খানৰ সম্পৰ্কৰ কথা তেওঁ জানিছিল ৷ আৰু ইয়াকে লৈ দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল ৷ দুই তিনিমাহ মান পুৰ্বে মণি খানৰ পত্নীকো ফোন কৰিছিল অঞ্জুৱে৷ মণি খানৰ পত্নীয়ে অভিযোগ কৰা মতে অঞ্জুৰ মোবাইলত থকা কেতবোৰ আপত্তিজনক ভিডিঅক লৈ মণি খানক ব্লেক মেইলিং কৰিছিল অঞ্জুৱে ৷ আনকি বৰবালাৰ ঘৰলৈ মণি খান আহিলেও ভি ডি ও ভাইৰেল কৰাৰ ভাবুকি দিছিল৷ বাধ্য হৈ অঞ্জুক দ্বিতীয় পত্নীৰ মৰ্যাদা দি ঘৰলৈ অনাৰ কথাও সদৰি কৰিছিল প্ৰথমা পত্নীক৷ কিন্তু এই কথা মানি লোৱা নাছিল প্ৰথমা পত্নীয়ে৷ ইয়াকে লৈ প্ৰায়ে কাজিয়াৰ সুত্ৰপাত হৈছিল দুয়োৰে মাজত ৷ ইপিনে প্ৰায় দুমাহ ধৰি বৰবালাৰ ঘৰলৈ অহা নাছিল মণি খান৷ অঞ্জুৰ ৰহস্যজনক মৃত্যুৰ সতে মণি খানৰ সম্পৰ্ক নাই বুলি দাবী কৰে প্ৰথমা পত্নীয়ে ৷
প্ৰেৰক নৱজিত বায়ন