নিয়মীয়া বাৰ্তা , ১৪ নৱেম্বৰ : দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ আজি জন্ম দিন ৷ সমগ্ৰ দেশৰ লগতে মাজুলীৰ সকলো বিদ্যালয় আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে উদযাপন কৰিছে শিশু দিৱস ৷ এই উপলক্ষে আজি উজনি মাজুলী শিল্পকলা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এক প্ৰাকৃতিক পৰিৱেশৰ মাজত ব্যতিক্ৰমীভাৱে উদযাপন কৰিলে শিশু দিৱস। এই চিত্ৰকলা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বালিদেউৰীৰ সমীপৰ খেৰকটীয়া নদীৰ পাৰত হাতে হাতে ৰং-তুলিকা লৈ “নৈপৰীয়া লেণ্ডক্লেপ” শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচীৰ জৰিয়তে নেহৰু খুৰাৰ স্মৃতি জীয়াই ৰখাৰ প্ৰয়াস কৰা পৰিলক্ষিত হয় ৷ শিশু দিৱৰ লগত সংগতি ৰাখি মাজুলীৰ উজনি মাজুলী শিল্পকলা বিদ্যালয়ৰ উদ্যোগত আৰু অভিভাৱকসকলৰ সহযোগত শিশু দিৱস উদযাপনস্থলীত বিভিন্নজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি চিত্ৰকলা বিদ্যালয়খনৰ এই সুন্দৰ পদক্ষেপৰ শলাগ লয় ৷ উজনি মাজুলীৰ খেৰকটীয়া নৈৰ পাৰত এক প্ৰাকৃতিক পৰিৱেশৰ মাজত “নৈপৰীয়া লেণ্ডক্লেপ”ত ছাত্ৰ-ছাত্ৰীসকলে মনোমোহা নদীৰ পাৰৰ প্ৰাকৃতিক সম্পদ, সূৰ্যৰ সতেজ বৰণ ৰং-তুলিকাৰে ধৰি ৰখাৰ প্ৰয়াস কৰা দৃশ্যই সকলোকে আকৰ্ষিত কৰে ৷ এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে নৈ, সূৰ্য, আকাশৰ সৈতি বিলীন হৈ থকা নদীপৰীয়া ৰাইজৰ জীৱন সংগ্ৰামৰ একোখনকৈ ছবি আঁকি এক সুকীয়া নজিৰ সৃষ্টি কৰে ৷ আজিৰ দৰে এই শুভদিনত নদীৰ পাৰত বহি ছাত্ৰ-ছাত্ৰীসকলে ছবি আঁকিব পৰাকৈ পৰিৱেশ সজাই তোলা উজনি মাজুলী শিল্পীকলা বিদ্যালয়খনৰ পৰিচালক নিৰঞ্জন বৰাৰ শলাগ লয় বিদ্যালয়খনৰ অভিভাৱকসকলে
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড