নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জামুগুৰিহাটত বন্যহস্তীৰ সন্ত্ৰাস

নিয়মীয়া বাৰ্তা,  ১৮ নৱেম্বৰ : জামুগুৰিহাটত বন্যহস্তীৰ উপদ্ৰৱ ৷ অঞ্চলটোৰ দক্ষিণ প্ৰান্তৰ বিষ্ণুপুৰ, হকমা, পাণপুৰ, মালবস্তিকে ধৰি কেইবাখনো গাঁৱৰ ধাননি পথাৰত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা নিশাৰ ভাগত ওলাই অহা বনৰীয়া হাতীৰ জাকে অঞ্চলটোৰ ধাননি পথাৰত পকিবলৈ ধৰা ধান খোৱাৰ লগতে আলু খেতি, সৰিয়হ খেতিকে ধৰি অন্যান্য খেতি খোলা  তহিলং কৰিছে। প্ৰায় ১০/১২ জনীয়া বনৰীয়া হাতীৰ জাকটোৰ ভয়ত এতিয়া অঞ্চলটোৰ গঞা ৰাইজে বিনিদ্ৰ ৰজনী কটাইছে ৷ জনাঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধৰ ক্ষেত্ৰত স্থানীয় ৰাইজে বন বিভাগক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

 

প্ৰেৰক হিৰণ্য বৰা

You might also like