নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টকা নিদিলে কংগ্ৰেছৰ দিনত নাপাইছিল চৰকাৰী চাকৰি : মন্ত্ৰী পীয়ূষ হাজৰীকা

🔴সোণাৰি-সাপেখাতী মণ্ডলৰ দলীয় কাৰ্যালয় উদ্বোধন

🔴’ডিফু-কোকৰাঝাৰত কংগ্ৰেছ জিকিলে আগন্তুক দিনত নিৰ্বাচন নেখেলো’

বিশেষ বাৰ্তা, ২১ নৱেম্বৰঃ আজি বিজেপিৰ সোণাৰি আৰু সাপেখাতী মণ্ডলৰ নৱনিৰ্মিত কাৰ্যালয় দুটা উদ্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। কাৰ্যালয় দুটিয়ে দুয়োটা মণ্ডলৰ কাৰ্যকৰ্তাসকলক অবিৰতভাৱে দলীয় কাম-কাজ কৰি নিয়াৰ ক্ষেত্ৰত নিশ্চিতভাবে উপকৃত কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। আগন্তুক লোকসভা নিৰ্বাচনত সোণাৰি সমষ্টিত ৫০ হাজাৰ ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থী জয়ী হব বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই। কংগ্ৰেছৰ দিনত লাখ লাখ টকা নিদিলে চৰকাৰী চাকৰি লাভ কৰা নাছিল বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। বিজেপি চৰকাৰৰ দিনতেই মেধা ভিত্তিত আৰ্থিকভাৱে পিছপৰা লোকেও চৰকাৰী চাকৰি লাভ কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। লগতে তেওঁ কয় যে, আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ দল বিধ্বস্ত হব। কেৱল সংখ্যালঘু বসতিপ্ৰধান অঞ্চলতহে তেওঁলোক জয়ী হব পাৰে। ডিফু আৰু কোকৰাঝাৰত যদি কংগ্ৰেছ দল জয়ী হয় আগন্তুক দিনত মই নিৰ্বাচনত অবৰ্তীণ নহও বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। যোৰহাট লোকসভা সমষ্টিত দলে যোগ্যজনে প্ৰাৰ্থিত্ব আগবঢ়াব বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই।

#বাৰ্তা ডেস্ক

You might also like