নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতবাসীৰ ওচৰত ক্ষমা বিচাৰিলে ডেভিদ ৱার্নাৰে

বিশেষ বাৰ্তা, ২২ নৱেম্বৰঃ ডেভিদ ৱার্নাৰে ক্ষমা বিচাৰিলে ভাৰতীয় ক্রিকেট অনুৰাগীক৷ দেওবাৰে বিশ্বকাপৰ ফাইনেলত ভাৰতক ৬ উইকেটত পৰাস্ত কৰি ষষ্ঠবাৰ বিশ্বকাপৰ খিতাপ অর্জন কৰে অষ্ট্রেলিয়াই৷ দলটোৰ অ’পেনাৰ আছিল ৱার্নাৰ৷ তেওঁ সামাজিক মাধ্যমত পোষ্ট কৰি সমর্থকসকলৰ ওচৰত ক্ষমা বিচাৰিলে৷ ফাইনেল মেচখন উপভোগ কৰিবলৈ প্রায় এক লাখ সমর্থক ষ্টেডিয়ামলৈ গৈছিল৷ সকলো ভাৰতীয় সমর্থকৰ দৃষ্টি আছিল বিশ্বকাপৰ ট্রফীত৷ এজন সমর্থকে সামাজিক মাধ্যমতে লিখিছে যে ৱার্নাৰে তেওঁৰ হূদয় ভাঙি পেলাইছে৷ ইয়াৰ উত্তৰত ৱার্নাৰে লিখিছে– মই ক্ষমা বিচাৰিছোঁ৷ এখন দুর্দান্ত মেচ খেলিলোঁ৷ পৰিৱেশ অতি সুন্দৰ আছিল৷ ভাৰতে এখন সুন্দৰ প্রতিযোগিতাৰ আয়োজন কৰিলে৷ সকলোকে ধন্যবাদ জনাইছোঁ৷ ৱার্নাৰৰ এই উত্তৰৰ পিছতে সেই সমর্থকজনে নিজৰ পোষ্ট মচি দিয়ে৷ ফলত ৱার্নাৰৰ পোষ্টটোও মচা যায়৷ উল্লেখ্য যে ৱার্নাৰে চলিত বিশ্বকাপত ১১খন মেচত ৫৩৫ ৰান কৰিছে৷ ভাৰতে বিশ্বকাপৰ গ্রুপ পর্বত এখন মেচতো পৰাজিত হোৱা নাই৷ লীগত শীর্ষ স্থানেৰে ছেমিফাইনেলত প্রৱেশ কৰিছিল টীম ইণ্ডিয়াই৷ কিন্তু ফাইনেলত অষ্ট্রেলিয়াৰ হাতত পৰাজিত হয় দলটো৷ ভাৰতৰ বিজয়ত প্রথম হেঙাৰ হৈ পৰে অষ্ট্রেলিয়াৰ বলাৰসকল৷ মাত্র ২৪০ ৰানতে সমাপ্ত হয় ভাৰতৰ ইনিংছ৷ সেই ৰান সহজে অতিক্রম কৰে ট্রেভিজ হেড আৰু মার্নাছ লাবুছানেই৷

#বাৰ্তা ডেস্ক

You might also like