নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধনৰ বিনিময়ত পদবী বিক্ৰী ঢকুৱাখনা ব্লক কংগ্ৰেছৰ!

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ ৰাজ্যৰ প্ৰধান বিৰোধী দল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ লখিমপুৰ জিলা কংগ্ৰেছৰ অন্তৰ্গত ঢকুৱাখনা ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে ধনৰ বিনিময়ত দলীয় পদবী ভঙা পতাৰ অভিযোগ তুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটী আৰু লখিমপুৰ জিলা কংগ্ৰেছ কমিটিলৈকো অভিযোগ পত্ৰ দাখিল কৰাৰ তথ্য পোহৰলৈ অহাত স্তম্ভিত হৈছে ঢকুৱাখনাৰ সচেতন মহল৷ কেৱল ধনৰ লোভত পৰি ঢকুৱাখনা ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি তৰুণ চেতিয়া আৰু সাধাৰণ সম্পাদক শৰৎ পাতিৰে মণ্ডল সমিতিৰ সভাপতিৰ ভঙা পতাৰ দৰে নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰা বুলিও ব্যাপক চৰ্চা লাভ কৰিছে ঢকুৱাখনাৰ হাটে-বজাৰে। মাতমৰা মণ্ডল কংগ্ৰেছ কমিটীৰ সভাপতি টেনিছন পেগু, সম্পাদক অজিত কুমাৰ গগৈ, উপসভাপতি গোলাপ পেগু, দেবানন্দ দলে, বিশ্বনাথ পেগু, ৰাজু কুমাৰ পেগু, সম্পাদক লম্বিত কুমাৰ দলে, যাদৱ দলে, পদ্মেশ্বৰ দলে, হেমন্ত পেগু, নৰকান্ত পেগু আদিৰ উপৰিও বহু সংখ্যক নেতা কৰ্মাীয়ে মাতমৰাত এক বৈঠক অনুষ্ঠিত কৰি এই সকল দলীয় নিষ্ঠাবান নেতা কৰ্মীয়ে অভিযোগ কৰা মতে ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি সম্পাদকে অত্যন্ত চক্ৰান্তমূলক আৰু স্বজন তোষণেৰে দলীয় পদবী ভঙাপতা কৰিছে ঢকুৱাখনা ব্লক কংগ্ৰেছে ৷ তথ্য মতে যোৱা ৭ ছেপ্টেম্বৰত লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি গগন চন্দ্ৰ বৰাই মাতমৰা মণ্ডল কংগ্ৰেছৰ সভাপতি হিচাবে টেনিছন পেগুক নিযুক্তি দিছিল যদিও উক্ত নিযুক্তিক পদপিষ্ট কৰি কোনো কাৰণ নোহোৱাকৈ টেনিছন পেগুক সভাপতি পদৰ পৰা অপসাৰণ কৰি অন্য মণ্ডলৰ লোকক মাতমৰা মণ্ডলত সভাপতি হিচাপে নিযুক্তি দিছে । প্ৰায় ২৬ বছৰ ধৰি সক্ৰিয় ভাবে কংগ্ৰেছ কৰি অহা এইগৰাকী মাতমৰা মণ্ডল কংগ্ৰেছৰ সভাপতি টেনিছন পেগুক ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি আৰু সম্পাদক দুগৰাকীযে ১৮ নৱেম্বৰত অপসাৰণ কৰাৰ দৰে নীতি বৰ্হিভূত কাণ্ডৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মাতমৰা মণ্ডল কংগ্ৰেছৰ নেতা কৰ্মীসকল। তদুপৰি কোনো সুনিৰ্দিষ্ট কাৰণ নথকাকৈ দলৰ নিষ্ঠাবান কৰ্মী পেগুক সভাপতি পদৰ পৰা অপসাৰণ কৰি মণ্ডলটোৰ পৰিসীমাৰ বাহিৰৰ পূব ঢকুৱাখনা পঞ্চায়তৰ ভোমা চুতীয়া আৰু কলাবাৰী গাঁওৰ পবিত্ৰ দলেক নিযুক্তি দিযা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি মাতমৰা মণ্ডলৰ দলীয় কৰ্মীৰ সতে কোনো সু সম্পৰ্ক আৰু পৰিচয় নথকা মাতমৰা মণ্ডলৰ বাহিৰৰ পবিত্ৰ দলে নামৰ লোক জনক নীতি বৰ্হিভূত ভাবে মাতমৰা মণ্ডল কংগ্ৰেছৰ সভাপতি পদত নিযুক্তি দিয়াৰ বিৰোধিতা কৰি এই স্বেচ্ছাচাৰী সিদ্ধান্ত মানি নোলোৱাৰ হুংকাৰ দিছে মাতমৰা মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়া আৰু দলীয় নেতা কৰ্মীসকলে। ইয়াৰোপৰি ঢকুৱাখনা ব্লক কংগ্ৰেছৰ কেৱল সভাপতি আৰু সম্পাদকৰ স্বাৰ্থ সিদ্ধিৰ বাবে গ্ৰহণ কৰা এনে সিদ্ধান্তৰ বিৰুদ্ধে সদ্য অপসাৰিত সভাপতি টেনিচন পেগুৱে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰা আৰু ,লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি গগণ চন্দ্ৰ বৰালৈ এক অভিযোগ পত্ৰ প্ৰেৰণ কৰি অভিযোগ পত্ৰত ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়া আৰু প্ৰশাসনিক সম্পাদক শৰৎ পাতিৰে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত মণ্ডলৰ বাহিৰৰ অপৰিচিত ব্যক্তি পবিত্ৰ দলেক মাতমৰা মণ্ডল কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়া বুলি মুকলি অভিযোগ উত্থাপন কৰি এই ক্ষেত্ৰত দলীয় শীর্ষ নেতৃত্বৰ জৰুৰী হস্তক্ষেপ দাবী জনাইছে। আনহাতে টেনিচন পেগুৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু লখিমপুৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতিলৈ ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে অভিযোগ পত্ৰ প্ৰেৰণ কৰাৰ বিষয়ে জানিব পাৰি আজি ঢকুৱাখনা ৰাজীৱ ভৱনত এক সংবাদ মেল অনুস্থিত কৰি ঢকুৱাখনা ব্লক কংগ্ৰেছে নাকচ কৰিছে এই অভিযোগ ৷ ঢকুৱাখনা ব্লক কংগ্ৰেছ কাৰ্যালয়ত সংবাদ মেল অনুস্থিত কৰি মাতমৰা মণ্ডল কংগ্ৰেছৰ নেতা কৰ্মী মতৰ সাপেক্ষেহে মাতমৰা মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি নিযুক্তি দিয়া হৈছে আৰু ইয়াত কোনো ধৰণৰ টকা পইচাৰ লেন দেন হোৱা নাই বুলি জানিবলৈ দি টেনিচন পেগুৱে মাতমৰা মণ্ডলৰ জেষ্ঠ কৰ্মী আৰু দলীয় কাম কাজত সহয়োগিতা নকৰাৰ অভিযোগ পোৱাৰ পিছত মাতমৰা মণ্ডলৰ নেতা কৰ্মীৰ মতৰ সাপেক্ষেহে প্ৰবিত্ৰ পেগুক সভাপতি হিচাপে নিযুক্তিৰ ব্যৱস্থা কৰা বুলিও জানিবলৈ দিয়ে ৷ তদুপৰি টেনিচন পেগুক ঢকুৱাখনা ব্লক কংগ্ৰেছৰ কাৰ্যালয়লৈ মাতি আনি একাধিকবাৰ দলীয় অনুশাসন ভংগ নকৰিবলৈ সক্ৰিয়াই দিয়াৰ পিছতো দলীয় কাম কাজত সহযোগিতা নকৰাৰ বাবেহে সভাপতি পদৰ পৰা অপসাৰিত কৰিব লগা হ’ল বুলিও সংবাদমেলৰ জৰিয়তে সদৰি কৰি টেনিচন পেগুৱে ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি সম্পাদকৰ বিৰুদ্ধে মিচা অভিযোগ দাখিল কৰা বুলিও জানিবলৈ দিয়ে ৷

প্ৰেৰক ৰাজেশ কুমাৰ বুঢ়াগোহাঞি

You might also like