নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰী হৰি মন্দিৰ প্ৰাংগণত নৱনিৰ্মিত নামঘৰ উদ্বোধন

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰ : শ্ৰীশ্ৰী হৰি মন্দিৰ, নলবাৰী প্ৰাংগণত আজি এক আধ্যাত্মিক পৰিৱেশৰ মাজেৰে নৱনিৰ্মিত নামঘৰৰ শুভ উদ্বোধন আৰু গুৰু আসন প্ৰতিষ্ঠা কৰা হয়। নৱনিৰ্মিত নামঘৰটো উদ্বোধন কৰে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । নামঘৰটোৰ গুৰু আসন প্ৰতিষ্ঠা কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পূব নলবাৰী মিলন আঞ্চলিকৰ সভাপতি মহেশ্বৰ বৰ্মনে। এই নৱনিৰ্মিত নামঘৰ মুকলি কৰাৰ ফলত নলবাৰী শ্ৰীশ্ৰী হৰিমন্দিৰত এটা স্থায়ী নামঘৰৰ অভাৱ দূৰ হোৱাৰ লগতে ই এক আধ্যাত্মিক আৰু সাংস্কৃতিক চৰ্চাৰ কেন্দ্ৰ হৈ উঠিব বুলি ৰাইজ তথা সচেতন নাগৰিকসকলে আশা কৰিছে ।

আজিৰ এই অনুষ্ঠানত নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকা , শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা, শ্ৰীশ্ৰী হৰি মন্দিৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক নলিনী কান্ত শীলৰ লগতে বিভিন্নজন বিশিষ্ট ব্যক্তি আৰু সচেতন লোক উপস্থিত থাকে।

প্ৰেৰক শ্বাহ আলম আহমেদ

You might also like