নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঠিকনা সলনিৰ দিশে ফাঁচী বজাৰ!

বিশেষ বাৰ্তা, ২৭ নৱেম্বৰঃ গুৱাহাটী মহানগৰীৰ যান-জঁট নিয়ন্ত্রণৰ বাবে চৰকাৰে কেতবোৰ পদক্ষেপ গ্রহণ কৰিছে৷ বিশেষকৈ মহানগৰীত শেহতীয়াকৈ কেইবাখনো বৃহৎ উৰণ সেতু নির্মাণ কৰা হৈছে৷ ইয়াৰ মাজতে ভৱিষ্যতে গুৱাহাটীক অধিক যান-জঁটৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে ফাঁচীবজাৰস্থিত পাইকাৰী বজাৰ (হোলচেল মার্কেট) স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰা হৈছে৷ সকলো পৰিকল্পনা অনুসৰি হ’লে ভৱিষ্যতে পাইকাৰী বজাৰ উত্তৰ গুৱাহাটী অথবা চাংসাৰিলৈ স্থানান্তৰ কৰিবলৈ চৰকাৰে সিদ্ধান্ত ল’ব৷ এই কথা সদৰী কৰিছে গৃহ নির্মাণ আৰু নগৰ উন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংহলে৷ ফাঁচী বজাৰৰ এক অনুষ্ঠানত অংশগ্রহণৰ পাছত মন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত এই প্রসংগত কয়– ‘গুৱাহাটীক যান-জঁট মুক্ত কৰাৰ বাবে কেইবাটাও প্রস্তাৱ গ্রহণ কৰা হৈছে৷ এই প্রস্তাৱৰ ভিত্তিত গুৱাহাটীৰ পাইকাৰী বজাৰ উত্তৰ গুৱাহাটী অথবা চাংসাৰিলৈ স্থানান্তৰো এটা৷ তাৰ ওপৰত সক্রিয়তাৰে আমি কাম কৰি আছো৷ মই ভাবো যে অহা দিনবোৰত এটো কৰিব লাগিব৷ নহ’লে অহা দিনবোৰত গুৱাহাটীক যান-জঁটৰ পৰা আমি মুক্ত কৰিব নোৱাৰিম৷’ উল্লেখ্য যে মহানগৰীৰ ঐতিহ্যমণ্ডিত স্থানসমূহৰ অন্যতম হৈছে ফাঁচীবজাৰ৷ গুৱাহাটীবাসীৰ উপৰি পার্শ্বৱর্তী অঞ্চলসমূহৰ লোকসকলৰ বাবে ফাঁচীবজাৰত কাপোৰ–কানিৰ পৰা আৰম্ভ কৰি ফলমূললৈকে নির্ভৰযোগ্য বজাৰ৷ যাৰ বাবে কেৱল অসমৰে নহয়, উত্তৰ-পূর্বাঞ্চলতে ব্যৱসায়িক প্রাণকেন্দ্র বুলি ফাঁচীবজাৰক অভিহিত কৰা হয়৷ তেনেস্থলত বজাৰখন স্থানান্তৰ কৰাৰ বাবে চৰকাৰে গ্রহণ কৰা পৰিকল্পনা ৰাজহুৱা কৰাৰ লগে লগে মহানগৰবাসীৰ মাজত প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

#বাৰ্তা ডেস্ক

You might also like