নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ “সমগ্ৰ বিশ্বতে বহু দিব্যাংগ লোকে আত্মবলেৰে বিশ্বজুৰি বিভিন্ন ক্ষেত্ৰৰ নেতৃত্ব বহন কৰিছে। বহু ক্ষেত্ৰত শাৰিৰীকভাৱে সম্পুৰ্ণ সুস্থ মানুহতকৈও দিব্যাংগসকলে অসম্ভৱক সম্ভৱ কৰি আহিছে৷” এই মন্তব্য বজালী জিলাৰ আয়ুক্ত মৃদুল কুমাৰ দাসৰ৷ আজি পাঠশালাত দিব্যাংগ শিশুৰ আৱাসিক শিক্ষানুষ্ঠান তপোবনত অনুষ্ঠিত আন্তৰ্জাতিক দিব্যাংগ দিৱসত উপস্থিত থাকি জিলা আয়ুক্ত গৰাকীয়ে তপোবনৰ দিব্যাংগ শিক্ষাৰ্থীসকলক আঙুলিয়াই কয়, “এটা সময়ত ইয়াত উপস্থিত দিব্যাংগ ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো বিভিন্ন ক্ষেত্ৰত নেতৃত্ব দিবপৰা তেনেকুৱা অসাধাৰণ প্ৰতিভা নিশ্চয়কৈ ওলাব। সেয়ে অভিভাৱক আৰু শিক্ষকসকলে আন সন্তানৰ দৰে দিব্যাংগ সন্তানসকলকো সমদৃষ্টিৰে চোৱাই নহয়, বৰং তেওঁলোকৰ প্ৰতি অধিক সংবেদনশীল হোৱা উচিত।” আয়ুক্তগৰাকীয়ে দিব্যাংগসকলক প্ৰাপ্য সুবিধাসমূহ প্ৰদান কৰাত যৎপৰোনাস্তি চেষ্টা কৰিব বুলি সভাত আশ্বাস প্ৰদান কৰে। বজালী জিলাৰ মাতৃ আৰু শিশু কল্যাণ বিভাগৰ উদ্যোগত তথা বজালী জিলা প্ৰশাসনৰ লগতে বজালী শিশু কল্যাণ মিশ্যন, তপোবনৰ সহযোগত অনুষ্ঠিত সভাত অভ্যাগতসকলক আদৰণি জনাই দিব্যাংগসকলৰ সুৰক্ষা, অধিকাৰ আৰু প্ৰাপ্য সুবিধাসমূহৰ বিষয়ে অৱগত কৰে তপোবনৰ সঞ্চালক তথা ৰাষ্ট্ৰীয় শিক্ষক বঁটাপ্ৰাপক কুমুদ কলিতাই। “আমাৰো আছে আকাশ চোৱাৰ হেঁপাহ, আমাক এখনি আকাশ দিয়া, এখনি আকাশ৷ আমাৰো আছে জীৱন জীয়াৰ উচাহ, আমাক অকণি উচাহ দিয়া, অকণি উচাহ।” দিব্যাংগসকলৰ হৈ এনেদৰে আহ্বান জনাই তুতুল মানৱে আঁত ধৰা আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে সহকাৰী আয়ুক্ত পিংকী দেৱনাথ, বজালী জিলা বিকলাংগ সংস্থাৰ সভাপতি জগদীশ চৌধুৰী আৰু বাণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অনিল দাসে৷ তেওলোকে দিব্যাংগ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে বিভিন্ন প্ৰতিযোগিতাৰ বঁটাসমূহ প্ৰদান কৰে। উল্লেখ্য যে এই সভাৰ পূৰ্বে তপোবনৰ দিব্যাংগ শিশুসকলৰ মাজত বিভিন্ন খেল ধেমালি, নাচ গান, চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ স্মৰ্তব্য যে আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ লগত সংগতি ৰাখি এই দিৱসৰ প্ৰাকক্ষণত কালি বজালী জিলা আয়ুক্ত কাৰ্যালয় চৌহদৰ পৰা এক সজাগতা ৰেলীও উলিওৱা হয়৷৷এই সজাগতা ৰেলীৰ ফ্লেগ অফ কৰে বজালী জিলাৰ জিলা আয়ুক্ত মৃদুল কুমাৰ দাসে৷
প্ৰেৰক কল্যাণ কলিতা