বিশেষ বাৰ্তা, ৩ ডিচেম্বৰঃ এখন উন্নত আৰু শক্তিশালী ভাৰতৰ দিশত আগুৱাই যোৱাৰ সংকল্পৰে আৰম্ভ কৰা বিকশিত ভাৰত সংকল্প যাত্ৰা (ভিবিএছৱাই)ৰ আইইচি ভানে আজি অসমৰ বিভিন্ন প্ৰান্তকে ধৰি কোকৰাঝাৰ আৰু গুৱাহাটীত বিভিন্ন জনহিতকৰ কাৰ্যসূচী অনুষ্ঠিত কৰে। কেন্দ্ৰীয় পৃষ্ঠপোষকতাত ৰূপায়ণ কৰি থকা কৰা আঁচনিসমূহক জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ উদ্দেশ্যেই এই যাত্ৰা আৰম্ভ কৰা হৈছে। আজি স্থানীয় লোকসকলে এই যাত্ৰাত উৎসাহেৰে অংশগ্ৰহণ কৰে। সমৱেত লোকসকলে অনুষ্ঠানস্থলীত ভিৰ কৰাৰ লগতে তেওঁলোকৰ সুবিধাৰ বাবে আয়োজিত বিভিন্ন কাৰ্যকলাপত উৎসাহেৰে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোৰ অংশ হিচাপে বিভিন্ন বিভাগে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে অনুষ্ঠানস্থলীত শিবিৰ স্থাপন কৰে। গুৱাহাটীত নেহৰু ষ্টেডিয়াম আৰু যোৰপুখুৰীত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ বিভিন্ন কাৰ্যসূচী সম্পন্ন কৰা হয়। ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই নেহৰু ষ্টেডিয়ামত আয়োজিত বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰি হিতাধিকাৰীসকলক সকলো চৰকাৰী আঁচনিৰ লাভালাভ গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰে। কোকৰাঝাৰত ফকিৰাগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচী সমৱেত লোকসকলে অংগীকাৰ গ্ৰহণ, সাংস্কৃতিক কাৰ্যসূচী, সজাগতা শিবিৰ, স্বাস্থ্য শিবিৰ আদিকে ধৰি বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই যাত্ৰাৰ জৰিয়তে স্থানীয় লোকসকলৰ সৈতে সম্পৰ্ক স্থাপন, সজাগতা সৃষ্টি আৰু বিভিন্ন সমাজ কল্যাণ তথা উন্নয়নমূলক কাৰ্যসূচীৰ বিষয়ে অৱলোকন কৰা হৈছে। এই অভিযানত জল জীৱন মিছন, আয়ুষ্মান ভাৰত যোজনা, প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা, জন ধন যোজনা, প্ৰধানমন্ত্ৰী আৱাস যোজনা আদিকে ধৰি চৰকাৰী উদ্যোগত চলি থকা আঁচনিসমূহৰ ইতিবাচক প্ৰভাৱৰ কথা প্ৰতিফলিত কৰা হৈছে।
#বাৰ্তা ডেস্ক