নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ নলবাৰী বাঁহজানীৰ যজ্ঞভূমিত আজি সন্ধিয়া বাঁহজানী মণ্ডল বিজেপিৰ উদ্যোগত বিজয় উৎসৱ পালন কৰা হয়। উল্লেখ্য ৰাজস্থান,মধ্যপ্ৰদেশ, চত্তীছগড়ত বিজেপি ব্যাপক বিজয় সাব্যস্ত কৰাত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বাঁহজানীৰ কৰ্মী সকলো আনন্দত মতলীয়া হৈ পৰে। যজ্ঞভূমি চকত মণ্ডল সাধাৰণ সম্পাদক ভূপেন ডেকা,নৱ কুমাৰ ডেকা,যুৱ মৰ্চাৰ সভাপতি অনুপম মেধি,সাধাৰণ সম্পাদক বিশ্বজিত মল্ল বুজৰবৰুৱা,জ্যেষ্ঠ নেতা ৰামহৰি বৈশ্য, অনিল শৰ্মা,ৰমেন শৰ্মা,গোবিন্দ ডেকা, মন্টু কলিতা,অনন্ত বৰ্মন,ৰূপম তালুকদাৰ,ভূপেন তালুকদাৰ,দ্বীজেন দাস,বিকাশ বৈশ্য, মণিদীপ কলিতা, সহ কৰ্মী সকলৰ নেতৃত্বত এটি সমদল উলিয়াই নৰেন্দ্ৰ মোদী, জে পি নাড্ডা, সৰ্বানন্দ সোণোৱাল জিন্দাবাদ, ডঃ হিমন্ত বিশ্ব শৰ্মা, ভৱেশ কলিতা জিন্দাবাদ ধ্বনি দি ৰাজপথ মুখৰ কৰি তোলাৰ লগতে বোম, ফুলজাৰি ফুটাই উল্লাস প্ৰকাশ কৰে। পিছত মণ্ডল কাৰ্যালয়ত আয়োজিত তথা নৱ কুমাৰ ডেকাই আঁত ধৰা সভাত ভূপেন ডেকা, অনুপম মেধি ভাষন ৰাখি কয় যে বিজেপি সকলো দিশতে উন্নয়ন কৰা বাবেই ৰাইজে ব্যাপকভাবে সমৰ্থন জনাইছে আৰু আগন্তুক লোকসভা নিৰ্বাচনতো নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ গঠন হব বুলি দোহাৰে।
প্ৰেৰক প্ৰাঞ্জল শৰ্মা